মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক অমিয় ভূঞাই

author img

By

Published : Oct 7, 2021, 7:00 PM IST

MLA Amiya Bhuyan Visits Madhabdev University

লখিমপুৰৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা সভাত বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাৰ অংশগ্ৰহণ । বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন, শৈক্ষিক, সাংগঠনিক আদি সকলো দিশৰ উন্নয়ন আৰু বিশ্ববিদ্যালয়খনত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় বিহপুৰীয়াৰ বিধায়কগৰাকীয়ে ।

বিহপুৰীয়া, ৭ অক্টোবৰ : উত্তৰ পাৰৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে লখিমপুৰৰ নাৰায়ণপুৰত স্থাপন কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ত বৰ্তমান চলি থকা কামৰ অগ্ৰগতিৰ বুজ ল'লে বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাই । বৃহস্পতিবাৰে এই সন্দৰ্ভত এখন পৰ্যালোচনা সভাও অনুষ্ঠিত হয় । ক্ষেত্ৰভিত্তিক অধ্যয়নৰ লগতে উপাচাৰ্য, পঞ্জীয়ক, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ সৈতে মিলিত হৈ আগন্তুক দিনত ক্ষীপ্ৰতাৰে কাম আগবঢ়াই পাঠদান আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা কৰে বিধায়কগৰাকীয়ে । বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন, শৈক্ষিক, সাংগঠনিক আদি সকলো দিশৰ উন্নয়ন সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ড০ অমিয় ভূঞাই

বিধায়কগৰাকীয়ে কয় যে, গৱেষণাৰ কাম আৰম্ভ কৰাৰ দিশতো কাম কৰি থকা হৈছে । লগতে কিতাপ, কম্পিউটাৰ আদি ক্ৰয় কৰা হৈছে । মাধৱদেৱ বিশ্ববিদ্যালয়ক আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে বিধায়ক পেগুৱে ৰাইজৰ পৰা সহায় বিচাৰে । সম্প্ৰতি বিশ্ববিদ্যালয়খনত নতুন গৃহ নিৰ্মাণৰ কামো চলি আছে । শীঘ্ৰে বিশ্ববিদ্যলয়খনৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াস অব্যাহত আছে । উল্লেখ্য যে, ২০১৯ চনৰ ২৩ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাধৱদেৱ বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিছিল ।

আনহাতে, শেহতীয়াকৈ মাধৱদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা সভাত উপস্থিত হৈছিল শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । বিশ্ববিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁঠনি উন্নীত কৰা আৰু খালি পদসমূহ কম দিনৰ ভিতৰতে পূৰণ কৰাৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে । শীঘ্ৰে বিশ্ববিদ্যালয়খনৰ কাম সম্পূৰ্ণ কৰাৰ বাবে এতিয়া বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাই কামৰ তদাৰকী কৰিছে ।

লগতে পঢ়ক:চামগুৰিত তিনিডাল দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.