ETV Bharat / state

AASU General Meeting : লখিমপুৰত আছুৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত বহু গুৰুত্বপূর্ণ সিদ্ধান্ত

author img

By

Published : Nov 21, 2022, 8:41 PM IST

AASU
AASU

লখিমপুৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা (AASU generel meeting in Lakhimpur) । যোৱা ১৯ নৱেম্বৰৰ পৰা লখিমপুৰ নগৰৰ খেলপথাৰত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্রত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্র সন্থাৰ এই সাধাৰণ সভা । সোমবাৰে অন্তিমদিনা অনুষ্ঠিত হয় প্ৰতিনিধি সভা ।

লখিমপুৰ, ২১ নৱেম্বৰ : লখিমপুৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা (AASU generel meeting in Lakhimpur) । যোৱা ১৯ নৱেম্বৰৰ পৰা লখিমপুৰ নগৰৰ খেলপথাৰত পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্রত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্র সন্থাৰ এই সাধাৰণ সভা । সেই উপলক্ষে সোমবাৰে অন্তিমদিনা অনুষ্ঠিত হয় প্ৰতিনিধি সভা । উক্ত প্ৰতিনিধি সভাত ৰাজ্যৰ কেতবোৰ জ্বলন্ত সমস্যা সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Student Union) লখিমপুৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত জাতীয় জীৱনৰ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৰাক আৰু কাৰ্বি আংলঙত দুখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰা (AASU demand two more state universities), বিটিআৰত সকলো জনগোষ্ঠীৰ সমবিকাশৰ বাবে প্ৰমোদ বড়োৰে সৈতে আলোচনা কৰা, প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শৈক্ষিক সমস্যা সমাধান কৰা, অসম চুক্তিৰ (Assam Accords) প্ৰতিটো দফা ৰূপায়ণ কৰা আদি সিদ্ধান্তবোৰ গ্ৰহণ কৰা হয় ।

অন্যহাতে, সাংবিধানিক ৰক্ষা কৱচ, সমষ্টি পুনৰ নিৰ্ধাৰণ আদি কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক হেঁচা দিবলৈ সিদ্ধান্ত লোৱা হয় । আনহাতে, আছুৰ বৰ্তমানৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সন্দৰ্ভতো গ্ৰহণ কৰা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত (AASU chief advisor Samujjal Kumar Bhattacharya) । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই নিজে ইচ্ছা কৰি আঁতৰি নোযোৱা পৰ্যন্ত আছুৰ অভিভাৱকৰ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাই প্ৰতিনিধি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

লখিমপুৰত আছুৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত বহু গুৰুত্বপূর্ণ সিদ্ধান্ত

লগতে ৪০০ বছৰীয়া জন্ম জয়ন্তী (400th birth anniversary of Lachit Borphukan) উপলক্ষে বীৰসেনা লাচিত বৰফুকনৰ ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিনিধি সভাই চৰকাৰৰ শলাগ লয় । লগতে বীৰজনাৰ নাম বিশ্ব দৰবাৰলৈ উলিয়াই নিয়াৰ ক্ষেত্রত অধিক কাম কৰিবলৈও আহ্বান জনায় ।

উল্লেখ্য, সদৌ অসম ছাত্র সন্থাই তিনিদিনীয়াকৈ লখিমপুৰৰ পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্রত অনুষ্ঠিত কৰা সাধাৰণ সভাৰ আজি অন্তিমদিনা প্ৰায় সন্ধিয়া পৰ্যন্ত প্ৰতিনিধি সভা অনুষ্ঠিত হয় । যাৰ বাবে মুকলি সভাখন যথেষ্ট পলমকৈ অনুষ্ঠিত কৰিবলগীয়া হয় ।

লগতে পঢ়ক :Gujarat Assembly polls: 5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.