Gujarat Assembly polls: 5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ

author img

By

Published : Nov 21, 2022, 6:38 PM IST

gujarat-assembly-polls-nearly-5-crore-voters-to-exercise-their-franchise-says-ec

গুজৰাট নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমাগত গুজৰাট নিৰ্বাচনত প্ৰায় 5 কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব (Nearly 5 crore voters to exercise their franchise in Gujarat Assembly polls)৷ অহা ১ ডিচেম্বৰত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভাৰ নিৰ্বাচন (Gujarat assembly election) ৷

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: ১ ডিচেম্বৰত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভাৰ নিৰ্বাচন ৷ ইয়াকে লৈ তৎপৰ হৈ পৰিছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল (Gujarat assembly election)৷ সমাগত নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে চূড়ান্ত কৰিছে সকলো নিৰ্বাচনী প্ৰস্তুতি (Gujrat election 2022) । গুজৰাটৰ মুঠ ৪,৯১,৩৫,৪০০ গৰাকী ভোটাৰে আগন্তক নিৰ্বাচনত পছন্দৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব (Voters in Gujarat assembly election) ।

ৰাজ্যখনত ১৮ৰ পৰা ২৯ বছৰ বয়সৰ যুৱ ভোটাৰ মুঠ ১.১৫ কোটি থকাৰ বিপৰীতে ১০০ বছৰ আৰু ততোধিক বয়সৰ ভোটাৰৰ সংখ্যা ১০,৪৬০ । সোমবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এক তথ্যৰ যোগে এই কথা জানিবলৈ পৰা গৈছে(Nearly 5 crore voters to exercise their franchise in Gujarat Assembly polls) । ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন । প্ৰথম পৰ্যায়ত অৰ্থাৎ ১ ডিচেম্বৰৰ দিনা ১৯খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

মুঠ ভোটাৰৰ ভিতৰত ২,৩৭,৭৪,১৪৬ গৰাকী মহিলা আৰু ২,৫৩,৫৯,৮৬৩ গৰাকী পুৰুষ ভোটাৰ আছে বুলি জানিবলৈ পৰা গৈছে । ১৮ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰত ১,১৫,১০,০১৫ গৰাকী যুৱ ভোটাৰ আছে । নিৰ্বাচনী তালিকা সংস্কাৰ অভিযানৰ পিছত দুয়োটা পৰ্যায়তে মুঠ ৪,৯১,৩৫,৪০০ গৰাকী ভোটাৰে ভোট প্ৰদান কৰিব (Gujarat assembly election counting)।

গুজৰাটত তৃতীয় লিংগৰ ১৩৯১ গৰাকী ভোটাৰে ভোট প্ৰদান কৰিব । সৰ্বাধিক তৃতীয় লিংগৰ ব্যক্তি আছে বড়োদাৰা জিলাত । জিলাখনত মুঠ ২২৬ গৰাকী তৃতীয় লিংগৰ ব্যক্তি আছে ৷ ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে ভোটদান কৰিব । সৰ্বাধিক যুৱ ভোটাৰ থকা পাঁচখন জিলাৰ ভিতৰত আছে আহমেদাবাদ ৷ জিলাখনত ১১,৯৭,৫৩৯ গৰাকী যুৱ ভোটাৰ আছে ৷

ইয়াৰ বিপৰীতে চুৰাট, বনস্কণ্ঠ, বদোদাৰা আৰু দহোড়ত ভোটাৰ আছে ক্ৰমে ১০,২৩,৮৬৭ ,৭,০৭,৭৫৪ ,৫,১৯,৮৩২ আৰু ৪,৮৯,৫৩৬ । ৰাজ্যৰ ২৯,৩৫৭ টা ভোটকেন্দ্ৰ স্থানত ৫১,৮৩৯টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । গুজৰাটৰ সৰ্বাধিক ভোট কেন্দ্ৰ থকা পাঁচখন জিলাৰ ভিতৰত আছে আহমেদাবাদ ৷ জিলাখনত ৫৬১০ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷

চুৰাট, বনস্কণ্ঠ, বদোদাৰা আৰু ৰাজকোটত ৪৬৩৭, ২৬১৩, ২৫৯০ আৰু ২২৬৪ টা ভোট কেন্দ্ৰ আছে । গতিকে সৰ্বনিম্ন ভোট কেন্দ্ৰ থকা পাঁচখন জিলাৰ ভিতৰত ডাঙত আছে ৩৩৫ টা, পোৰবন্দৰত ৪৯৪ টা, টাপিত ৬০৫ টা, বোটাদত ৬১৪ টা আৰু নৰ্মদাত আছে ৬২৪টা ভোটগ্ৰহণ কেন্দ্ৰ । সৰ্বাধিক মহিলা ভোটাৰ থকা পাঁচখন জিলাৰ ভিতৰত আছে আহমেদাবাদ, বদোদাৰা, বনস্কণ্ঠ আৰু ৰাজকোটত জিলাত ৷ মহিলা ভোটাৰ আছে ক্ৰমে ২৮,৮১,২২৪; ২১,৯৪,৯১৫; ১২,৭২,৯৯৬; ১১,৯৭,৮১৪; ১১,১০,৩০৬ গৰাকী ।

৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ ভোটাৰৰ মুঠ সংখ্যা ৯,৮৭,৯৯৯ গৰাকী । ৰাজ্যত ১০০ বছৰ আৰু অধিক বয়সৰ ১০,৪৬০ গৰাকী ভোটাৰ আছে । ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সৰ্বাধিক বিধানসভাৰ আসন আছে ছুৰাট জিলাত । জিলাখনত ৫,৬৬,৫১১ গৰাকী ভোটাৰ থকাৰ বিপৰীতে চুৰাট-উত্তৰত সৰ্বনিম্ন ভোটাৰ আছে ১,৬৩,১৮৭ গৰাকী ।

লগতে পঢ়ক: Honour killing in mathura: ঘৰত নোকোৱাকৈ বাহিৰলৈ যোৱাৰ বাবেই গুলীয়াই হত্যা যুৱতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.