Attempt to Rape : নাবালিকাক হাত-ভৰি বান্ধি বলাৎকাৰৰ চেষ্টা চলালে বয়োজ্যেষ্ঠই

author img

By

Published : Dec 7, 2021, 8:15 PM IST

man-attempts-to-rape-minor-girl-in-harmati

মানৱ সমাজক লজ্জিত কৰা এক জঘন্য ঘটনা সংঘটিত হ’ল নাওবৈচাৰ হাৰমতিত ৷ এগৰাকী আঠ বছৰীয়া কণমানিক হাত-ভৰি বান্ধি বলাৎকাৰ কৰাৰ চেষ্টা চলালে এজন বয়সস্থ লোকে( Man attempts to rape minor girl in Harmati) ৷ সবিশেষ জানো আহক ৷

নাওবৈচা, 7 ডিচেম্বৰ : কোন দিশে গৈছে আমাৰ সামাজিক ব্যৱস্থা ? ক’ৰবাত দিন দুপৰতে নীৰিহ যুৱকক এজাক উন্মাদ জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছে, ক’ৰবাত হাতোৰাত বন্দী হৈ উন্মাদ হৈছে এজাক মানুহ, আকৌ ক’ৰবাত শ্লীলতা হানি হৈছে জীয়ৰী-বোৱাৰীৰ ৷ মানৱ সমাজক লজ্জিত কৰা এনে এক ঘটনাই পুনৰ সংঘটিত হ’ল নাওবৈচাৰ হাৰমতিত ৷ এগৰাকী আঠ বছৰীয়া কণমানিক হাত-ভৰি বান্ধি বলাৎকাৰ কৰাৰ চেষ্টা চলালে এজন বয়সস্থ লোকে(Old man attempts to rape minor girl in Harmati) ৷

Attempt to rape : নাবালিকাক হাত-ভৰি বান্ধি বলাৎকাৰৰ চেষ্টা চলালে বয়োজ্যেষ্ঠই

লখিমপুৰ জিলাৰ হাৰমতি আৰক্ষী চকীৰ অন্তৰ্গত কাঠনিত সংঘটিত হৈছে এই জঘন্য ঘটনা । অভিযোগ অনুসৰি, কাঠনি গাঁৱৰ পূর্ণ দাস নামৰ এজন বয়সীয়াল ব্যক্তিয়ে আঠ বছৰীয়া কণমানি গৰাকী স্কুলৰ পৰা ঘৰলৈ উভটি অহাৰ পথত ফুচুলাই ঘৰলৈ নিয়ে ৷ ইয়াৰ পিছতে অভিযুক্ত দাসে বলাৎকাৰৰ অপচেষ্টা চলাই কন্যা শিশু গৰাকীক(Attempt to rape) । ইফালে, হাত-ভৰি বান্ধি বলাৎকাৰৰ অপচেষ্টা চলোৱা কাৰ্যত ভীতিগ্ৰস্ত হৈ চিঞৰ বাখৰ কৰে ভুক্তভোগী শিশু গৰাকীয়ে(Attempt to rape by tying hands and feet of a minor) ৷

কণমানি গৰাকীৰ হুলস্থুল শুনি ঘটনাস্থলীত সমবেত হয় স্থানীয় লোক । জানিব পৰা মতে, তেতিয়ালৈকে অভিযুক্তই কামুৰি ছিগিছিল কনমানি গৰাকীৰ গাল । ইয়াৰ পিছতে অভিযুক্ত পূৰ্ণ দাসক হাৰমতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্তৰ সোধা পোছা অব্যাহত ৰাখিছে । ইফালে, এই জঘন্য ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ হাৰমতী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Jorhat Mob Lynching Case : কাৰাগাৰলৈ প্ৰেৰণ ক’লা ল’ৰাৰ পিতৃ মোহন দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.