ETV Bharat / state

Bihpuria Municipal Board : প্ৰাপ্য দৰমহা বিচাৰি ৰোষত পৰিল বিহপুৰীয়া পৌৰসভাৰ এগৰাকী মহিলা কৰ্মচাৰী

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:00 PM IST

ড৹ অমিয় কুমাৰ ভূঞাৰ সমষ্টিৰ এগৰাকী মহিলাই পাপ্য দৰমহা বিচাৰি হেৰুৱালে চাকৰি ৷ বিহপুৰীয়া পৌৰসভাৰ মহিলা কৰ্মচাৰীগৰাকীয়ে 22 মাহে দৰমহা লাভ নকৰাৰ পাচত এমাহৰ দৰমহা কৰ্তৃপক্ষক বিচাৰি ৰোষত পৰিবলগীয়া হ’ল ৷

Bihpuria Municipal Board
দৰমহা বিচাৰি ৰোষত পৰিল বিহপুৰীয়া পৌৰসভাৰ এগৰাকী মহিলা কৰ্মচাৰী

দৰমহা বিচাৰি ৰোষত পৰিল বিহপুৰীয়া পৌৰসভাৰ এগৰাকী মহিলা কৰ্মচাৰী

বিহপুৰীয়া, 4 নৱেম্বৰ : বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় ভূঞাৰ মুখত আখৈ ফূটাদি ফূটা বাক্যটোৱেই হ’ল- ‘‘মহিলা ফাৰ্ষ্ট’’ ৷ প্ৰতিখন সভাতে ডিঙিৰ শিৰ ফুলাই বিধায়কগৰাকীয়ে ‘মোৰ আইজনী, মোৰ বাইজনী’ ইত্যাদি সম্বোধন কৰি মহিলাক আগস্থান দিয়াৰ কথা কয় ৷ যি ভাষণ সমষ্টিবাসীৰ ইতিমধ্যে মুখস্থ হৈ গৈছে ৷ কিন্তু সেয়া কেৱল ভাষণতে সীমাবদ্ধ থাকিল ৷ বিহপুৰীয়া সমষ্টিৰ মহিলাসকলৰ বাবে বিধায়ক ভূঞাই হাতত লোৱা কোনো বিশেষ পদক্ষেপ এই মুহূৰ্তলৈকে চকুত নপৰিল ৷ বিপৰীতে সমষ্টিটোৰ এগৰাকী মহিলাই উদঙাইছে ভাষণৰ প্ৰকৃত স্বৰূপ ৷

বিহপুৰীয়া বিধানসভা সমষ্টিৰ এগৰাকী মহিলাই নিজৰ সন্মান আৰু প্ৰাপ্য বিচাৰি চকুপানী টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিহপুৰীয়া পৌৰসভাৰ মহিলা কৰ্মচাৰীৰ নাম হৈছে বিটুমণি শইকীয়া ৷ পৌৰসভা কাৰ্যালয়ৰ মুখ্য সহায়ক পদত নিয়োজিত মহিলাকৰ্মচাৰীয়ে বিগত ২২ মাহে লাভ কৰা নাই দৰমহা ৷ বিহু গ’ল, আহিল দুৰ্গা পূজা ৷ পূজাৰ বতৰত সকলো কৰ্মচাৰীয়েই বিচাৰে দৰমহাৰ টকাকেইটা ৷ ঠিক একেধৰণে বিহপুৰীয়া পৌৰসভাৰ মহিলা কৰ্মচাৰীগৰাকীয়েও পৌৰসভা কৰ্তৃপক্ষক পূজা বুলি মাত্ৰ এমাহৰ দৰমহা দিবলৈ যুক্তি দৰ্শাইছিল । কিন্তু দৰমহা বিচৰাটো অথবা প্ৰাপ্য বিচৰাটোৱেই যেন কাল হ'ল মহিলা কৰ্মচাৰী গৰাকীৰ ৷

পাচদিনাই বিহপুৰীয়া পৌৰসভাই কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিলে মহিলা কৰ্মচাৰীগৰাকীলৈ ৷ লগতে মহিলা কৰ্মচাৰীগৰাকীৰ কামৰ দায়িত্ব অন্য এগৰাকী কৰ্মচাৰীলৈ হস্তান্তৰ কৰা হ’ল ৷ পূজাৰ পাচতে মহিলা কৰ্মচাৰীগৰাকীয়ে পৌৰসভা কৰ্তৃপক্ষক কাৰণ দৰ্শোৱা জাননীৰ বিপৰীতে সকলো বিষয় পত্ৰযোগে অৱগত কৰে ৷ ইমানৰ পাচতো মহিলাগৰাকীক আজি পৰ্যন্ত পূৰ্বৰ পদতে বাহাল থকা বা কাম কৰাৰ সুযোগ প্ৰদান কৰা নহ’ল ৷

মাহেকৰ মূৰৰ দৰমহাকেইটা দূৰৰে কথা মহিলা কৰ্মচাৰীগৰাকীক পদমৰ্যাদা লাঘৱ কৰি একপ্ৰকাৰে মানসিকভাৱে হাৰাশাস্তি কৰাতহে উঠি-পৰি লাগিল পৌৰসভাৰ পৌৰনেত্ৰীগৰাকী ৷ অৱশেষত উপায়বিহীন হৈ ভুক্তভোগী কৰ্মচাৰীগৰাকীয়ে আশ্ৰয় লৈছে সংবাদ মাধ্যমৰ ৷ আশা প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই এই বাতৰি চাই দুৰ্ভগীয় মহিলাগৰাকীলৈ সহায়ৰ হাত আগবঢ়াব ৷

দুটা সন্তানৰ মাতৃ তথা বিধবা এই মহিলা কৰ্মচাৰীগৰাকীৰ এই দুৰ্দশা দেখি বিহপুৰীয়াৰ সচেতন লোকসকলেও মহিলাগৰাকীক দৰমহাৰ টকাকেইটা প্ৰদান কৰিবলৈ পৌৰসভা কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে মহিলা কৰ্মচাৰীৰ পদমৰ্যাদা লাঘব হোৱা বা সন্মানত আঘাত হোৱা কাৰ্য নকৰিবলৈ দাবী জনাইছে । ইফালে সংবাদ মাধ্যমৰ আগত বিহপুৰীয়া পৌৰসভাৰ পৌৰপতিগৰাকীয়ে এইসমূহ বিষয়বস্তু কাৰ্যালয়ৰ ভিতৰৰ বিষয় বুলিহে অভিহিত কৰে ৷

লগতে পঢ়ক : Rahul Gandhi Slams BJP : বিজেপিয়ে আদিবাসীসকলক বনবাসী বুলি অপমান কৰে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.