ETV Bharat / state

Bat preserve at Dhakuakhana: এজাক বাদুলী আৰু দুজন ভাতৃৰ 20 বছৰীয়া প্ৰকৃতি প্ৰেমৰ এক অনন্য কাহিনী

author img

By

Published : Apr 23, 2023, 8:07 PM IST

প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন ঢকুৱাখনাৰ দুই ভাতৃৰ । বিগত ২০ টা বছৰে হাজাৰ হাজাৰ বাদুলি সংৰক্ষণ কৰি আহিছে প্ৰবীণ-বুবুলে (Bat preserve at Dhakuakhana) ।

Bat preserve at Dhakuakhana
এজাক বাদুলি ওলমি আছে এডাল প্ৰকাণ্ড গছত

এজাক বাদুলি ওলমি আছে এডাল প্ৰকাণ্ড গছত

ঢকুৱাখনা, ২৩ এপ্ৰিল : এক দৃষ্টিনন্দন পৰিৱেশ ৷ এজাক বাদুলি ওলমি আছে এডাল প্ৰকাণ্ড গছত ৷ এজোপা শিমলু গছতে নিৰপদে আশ্ৰয় গ্ৰহণ হাজাৰ হাজাৰ বাদুলিৰ (Bat preserve Family) ৷ বাটৰুৱাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া এই বাদুলিৰ জাকটো ৷ বাদুলিৰ চিঞৰে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ ।

হয়, আমি ক’বলৈ লোৱা এই বাদুলি ওলমি থকা গছডাল আছে ঢকুৱাখনাৰ বৰদৈৰ ন-পাম গাঁৱত (Bat preserve at Dhakuakhana) ৷ বৰদৈৰ ন-পাম গাঁৱৰ দুই ভাতৃ প্ৰবীণ বৰুৱা আৰু বুবুল বৰুৱাই প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন ৷ বিগত ২০ টা বছৰো অধিক কাল বাদুলি সংৰক্ষণ কৰি আহিছে ঢকুৱাখনাৰ এই দুই ভাতৃয়ে (Family who conserved bats for many years)।

ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ কাষৰ এজোপা শ বছৰীয়া পুৰণি শিমলু গছত অতি নিৰপদে আশ্ৰয় গ্ৰহণ কৰি আছে ৫ হাজাৰৰো অধিক এই বিৰল প্ৰজাতিৰ বাদুলিয়ে । দুই ভাতৃক সহযোগ কৰি আহিছে তেওঁলোকৰ পৰিয়ালৰ সদস্যই । বাদুলি সংৰক্ষণৰ বাবে সদা প্ৰস্তুত এই পৰিয়ালটোৰ সদস্যসকলে একাংশ দুস্কৃতিকাৰীৰ পৰাও বাদুলিৰ জাকটোক নিৰাপত্তা দি আহিছে ৷ একপ্ৰকাৰে প্ৰবীণ আৰু বুবুলৰ ঘৰৰ সদস্যৰ দৰেই হৈ পৰিছে এই হাজাৰ হাজাৰ বাদুলিৰ জাকটো ৷

আনহে নালাগে, সত্ৰ নগৰী মাজুলীলৈ অহা ইংলেণ্ড, আমেৰিকাৰ বিদেশী পৰ্যটকেও বাদুলিৰ জাকটোৰ ওপৰত অধ্যয়ন কৰিছে । প্ৰবীণ বৰুৱা আৰু বুবুল বৰুৱাৰ প্ৰকৃতি প্ৰেমৰ এই অনন্য কৰ্মক এতিয়া শলাগ জনাইছে প্ৰকৃতিপ্ৰেমী তথা সাধাৰণ ৰাইজেও ৷

সম্প্ৰতি একাংশ দুষ্কৃতিকাৰীৰ কবলত পৰি ধ্বংসৰ গৰাহত পৰি সংকুচিত হৈ আহিছে ৰাজ্যৰ বনাঞ্চলসমূহ । ফলত চৰাই-চিৰিকটি, জীৱ-জন্তুৰ বাসস্থানৰ অভাৱ ঘটিছে । আনহে নালাগে বহু আপুৰুগীয়া চৰাই-চিৰিকটি আৰু বন্যপ্ৰাণী ক্ৰমে বিলুপ্তিৰ দিশে গতি কৰিছে । তেনে সময়তে দুই ভাতৃ ক্ৰমে প্ৰবীণ বৰুৱা আৰু বুবুল বৰুৱাৰ এই কৰ্ম সঁচাই প্ৰশংসংসনীয় ৷

লগতে পঢ়ক : Bat preserve at Jonai: বাদুলি প্ৰেম : নিজৰ বাৰীখনেই এৰি দিলে বাদুলিৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.