Pension Service Centre in Assam : লখিমপুৰত পেঞ্চন সেৱা কেন্দ্র উদ্বোধন মন্ত্রী সঞ্জয় কিষাণৰ

author img

By

Published : Jul 30, 2022, 6:30 PM IST

Pension Service Centre

অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত। ৰাজ্যৰ সাতাইশ খন জিলাত মুকলি হল পেন্সন সেৱা কেন্দ্র (27 Pension service centres inaugurated in Assam)। দীৰ্ঘদিন ধৰি অৱসৰৰ পাছত পেন্সন লাভ ৰ ক্ষেত্র ত শিক্ষক সকলে ভোগ কৰি অহা সমস্যা দুৰ কৰাৰ বাবে ৰাজ্যৰ ২৭ খন জিলাত পেন্সন সেৱা কেন্দ্র মুকলি কৰা হয়।

লখিমপুৰ, ৩০ জুলাই : ৰাজ্যৰ পেঞ্চনাৰসকলক সকাহ দিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী তথা সুদূৰ প্ৰসাৰী আঁচনি হৈছে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন (Establishment of Pension Service Centres in Assam) । পেঞ্চনাৰসকলক তেওঁলোকৰ পেঞ্চন সম্বন্ধীয় কাম-কাজ আগবঢ়াই নিয়াত সুবিধা হোৱাকৈ এই আঁচনিৰ অধীনত প্ৰতিখনত জিলাতে স্থাপন কৰা হৈছে একোটা পেঞ্চন সেৱা কেন্দ্ৰ ।

লখিমপুৰত পেঞ্চন সেৱা কেন্দ্র উদ্বোধন মন্ত্রী সঞ্জয় কিষাণৰ

বিশেষকৈ শিক্ষকসকলে দীৰ্ঘদিন ধৰি পেঞ্চনৰ ক্ষেত্ৰত ভুগি অহা বিভিন্ন সমস্যা সমাধানৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে গুৱাহাটীত কামৰূপ জিলাৰ পেঞ্চন সেৱা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই আঁচনি মুকলি কৰে (CM Himanta Biswa Sarma inaugurated Pension Service Centre in Guwahati) ।

তাৰেই অংশ হিচাবে আজি ৰাজ্যৰ সাতাইশখন জিলাত মুকলি কৰা হয় পেন্সন সেৱা কেন্দ্র । লখিমপুৰত এই সেৱা কেন্দ্র উদ্বোধন কৰে মন্ত্রী সঞ্জয় কিষাণে (Minister Sanjay Kisan inaugurated Pension Service Centre in Lakhimpur)। পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এনে সেৱা কেন্দ্রই অৱসৰী শিক্ষকসকলৰ পেন্সনৰ ক্ষেত্রত উদ্ভৱ হোৱা সমস্যা দূৰ কৰিব বুলি মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে ।

লখিমপুৰৰ জিলাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত সংলগ্ন কৰি নিৰ্মাণ কৰা এই সেৱা কেন্দ্রটো উদ্বোধন কৰে জিলাখনৰ অভিভাৱক মন্ত্রী সঞ্জয় কিষাণে (Guardian Minister of Lakhimpur Sanjay Kisan) । লখিমপুৰ জিলা উপায়ুক্ত, লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিৰ উপস্থিতিত সেৱা কেন্দ্রটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্রী সঞ্জয় কিষাণে শিক্ষা বিভাগত বিষয়া-কৰ্মচাৰীৰ অভাৱৰ কথা প্ৰকাশ অকপটে স্বীকাৰ কৰে । লগতে তেওঁ অচিৰেই চৰকাৰে এই সমস্যা দূৰ কৰাৰ ব্যৱস্থা কৰিব বুলিও কয় ।

উল্লেখ্য, পেঞ্চন সেৱা কেন্দ্ৰটো মুকলি কৰি উঠি সাংবাদিকৰে হোৱা মুখামুখিত অসম-অৰুণাচলৰ সীমা সমস্যা প্ৰসংগতো তেওঁ মন্তব্য আগবঢ়ায় । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয় যে নামচাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ আলোচনাৰ উপৰি দুয়ো ৰাজ্যৰ মাজত সমিতি গঠন কৰা হৈছে । আনহাতে, এই বিষয়ত কেন্দ্রয়ো শান্তিপূৰ্ণ সমাধানৰ প্ৰয়াস কৰা বুলি তেওঁ উল্লেখ কৰে । লগতে এই সন্দৰ্ভত সঘনাই আলোচনা অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰি আগষ্ট মাহতো কেইবালানি আলোচনা অনুষ্ঠিত হ'ব বুলি তেওঁ কয় । ইয়াৰ দ্বাৰা সীমা সমস্যাৰ সমাধান ত্বৰান্বিত হ'ব বুলি তেওঁ আশা প্রকাশ কৰে ।

লগতে পঢ়ক: Sadhan Hazarika passes away: বিশিষ্ট অভিনেতা সাধন হাজৰিকাৰ দেহাৱসান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.