ETV Bharat / state

২৩ টা ভাষাত লাচিতৰ বীৰগাথা উন্মোচন অমিত শ্বাহৰ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 9:34 PM IST

Assam's brave heart Lachit Barphukan : দেশৰ ২৩ টা ভাষালৈ একেলগে অনুদিত অৰূপ কুমাৰ দত্তৰ Assam's brave heart Lachit Barphukan ৷ ৫০০ কলা-কুশলীক লৈ দেশৰ প্ৰান্তে প্ৰান্তে বীৰ লাচিতক লৈ নাটক কৰিব অসম চৰকাৰে ৷ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Assam's brave heart Lachit Barphukan
লাচিতৰ বীৰগাথা উন্মোচন

গুৱাহাটী, ২০ জানুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত শনিবাৰে গুৱাহাটীত উন্মোচন কৰিলে অসমৰ ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ বীৰ লাচিত বৰফুকন বিষয়ক এখন গ্ৰন্থ ৷ বিশিষ্ট লিখক অৰূপ কুমাৰ দত্তৰ ইংৰাজী ভাষাত ৰচিত Assam's Brave heart Lachit Barphukan শীৰ্ষক গ্ৰন্থখন একেলগে দেশৰ ২৩ টা ভাষালৈ অনুদিত হৈছে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰা গ্ৰন্থখন ২৩ টা ভাষাত প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে ৷

Assam's brave heart Lachit Barphukan
লাচিতৰ বীৰগাথা উন্মোচন

গ্ৰন্থখন উন্মোচন কৰি অমিত শ্বাহে বীৰ লাচিতৰ গুণগাথা বৰ্ণন কৰি কয় যে লাচিত বৰফুকন কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰে এগৰাকী শ্ৰেষ্ঠ বীৰ ৷ লগতে তেওঁ কয়, ‘‘যদিহে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত নকৰিলে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল আজি ভাৰতৰ লগত নাথাকিলেহেতেঁন ৷ অসম বাংলাদেশৰ লগত থাকিলেহেতেঁন ৷ লাচিত বৰফুকনৰ বাবেই আজি অসম ভাৰতৰ অংশ’’ ৷

গ্ৰন্থখনৰ লিখক অৰূপ কুমাৰ দত্তক ধন্যবাদ জনাই কয় যে দেশৰ প্ৰায় সকলো প্ৰান্তীয় ভাষাতে অনুদিত এই গ্ৰন্থই লাচিত বৰফুকনৰ বীৰগাথা দেশৰ কোণে কোণে বিয়পাই দিব ৷ গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লীত বিগত বছৰত বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী পাতোতে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বীৰজনৰ বিষয়ে দেশৰ সকলো ভাষালৈ বীৰ লাচিত বিষয়ক গ্ৰন্থ অনুবাদৰ পৰামৰ্শ দিছিল ৷ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ সকলো স্তৰতে লাচিত বৰফুকনৰ বীৰগাথা প্ৰসাৰিত হ’ব বুলি আশা প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ।

আনহাতে, অতি শীঘ্ৰেই বীৰ লাচিত বৰফুকনক লৈ অসম চৰকাৰে ৫০০ কলা-কুশলীক লৈ দেশৰ বিভিন্ন প্ৰান্তত এখন নাটক প্ৰযোজনা কৰিব ৷ অমিত শ্বাহৰ উপস্থিতিত কলাক্ষেত্ৰত এই কথা ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে বাৰানসীত প্ৰথমটো দৰ্শনী প্ৰদৰ্শন কৰা হ’ব ৷

উল্লেখযোগ্য যে, অসম চৰকাৰৰ অনুৰোধ মৰ্মে অনুষ্ঠানত ভাৰতৰ ২৩ টা ভাষালৈ অনুবাদ কৰা তামিল, তেলুগু, গুজৰাটী, মালয়ালম, বাংলা, মণিপুৰী আদি ভাষাৰ অনুবাদক সকলো উপস্থিত আছিল ৷

লগতে পঢ়ক : ভাৰত-ম্যানমাৰৰ‌ মাজত মুক্ত যাতায়ত ব্যৱস্থা বন্ধ কৰা হ'ব: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.