ETV Bharat / state

কোকৰাঝাৰত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ

author img

By

Published : Aug 19, 2021, 5:17 PM IST

২০১৯ চনত টেট(TET)ত উত্তীৰ্ণ হোৱাৰ পিছতো বি টি আৰ(BTR)ৰ বহু প্ৰাৰ্থীয়ে এতিয়াও নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই । সেয়ে, নিযুক্তিৰ দাবীত আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰিলে ২০১৯ চনত প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ হোৱা বি টি আৰৰ প্ৰাৰ্থীয়ে । আমৰণ অনশন কাৰ্যসূচীত বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো(PRAMOD BODO) উপস্থিত হৈ তেওঁলোকৰ দাবীৰ প্ৰতি যোগাত্মক সঁহাৰি নিদিয়া পৰ্যন্ত আমৰণ অনশন কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰাৰ্থীসকলে ।

TET qualified candidates begins Indefinite Hunger Strike at Kokrajhar
কোকৰাঝাৰত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ

কোকৰাঝাৰ, ১৯ আগষ্ট: চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো চাকৰি লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বি টি আৰৰ বহু শিক্ষিত যুৱক-যুৱতী । বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই এই প্ৰাৰ্থীসকলে । অৱশেষত বৃহস্পতিবাৰে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰিলে ২০১৯ চনত প্ৰাথমিক টেট উৰ্ত্তীৰ্ণ হোৱা বি টি আৰৰ প্ৰাৰ্থীয়ে । বিটিআৰ প্ৰাথমিক টেট উত্তীৰ্ণ(২০১৯) সন্থাৰ উদ্যোগত কোকৰাঝাৰৰ শিশু উদ্যানত এই আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

'আমাক নিযুক্তি দিয়ক নহলে গুলীয়াই মাৰক', 'ন জব ন ৰেষ্ট', 'প্ৰথমে আমাক নিযুক্তি দিয়ক পিছত টেট অনুষ্ঠিত কৰক' আদি শ্ল'গান সম্বলিত প্লে'কাৰ্ড লৈ আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে । অনশনৰ সময়ছোৱাত সন্থাৰ সভাপতি সুদন বৰ্মন আৰু উপ-সভাপতি বিশ্বজিৎ ৰায়ে ২০১৯ বৰ্ষৰ অসম প্ৰাথমিক টেটত (বি টি আৰ জ'ন)‌ উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ থকা সকলো প্ৰাৰ্থীকে অতি শীঘ্ৰে নিযুক্তি প্ৰদানৰ বাবে বি টি আৰ পৰিষদীয় চৰকাৰৰ ওচৰত দাবী জনাইছে । তেওঁলোকে অভিযোগ তুলিছে যে, বি টি আৰৰ জিলা চাৰিখনক বাদ দি অসমৰ বাকীবোৰ জিলাৰ লগতে কাষৰীয়া জিলা কাৰ্বি আংলঙতো দুবাৰকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে । কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বি টি আৰৰ বিদ্যালয়সমূহত বহু খালী পদ থকাৰ পিছতো প্ৰাথমিক পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই বুলি অভিযোগ তোলে প্ৰাৰ্থীসকলে ।

কোকৰাঝাৰত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ

শেহতীয়াকৈ বি টি আৰ চৰকাৰে যোৱা ২৮ জুলাইত ৪২৭টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ।

সন্থাই এই কাৰ্যৰ বিৰোধিতা কৰি কয় যে, উক্ত বিজ্ঞাপন অনুসৰি যিসকলে ইতিমধ্যে ছমহীয়া ঠিকাভিত্তিক চাকৰি কৰি আছে তেওঁলোকক অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰ প্ৰদান কৰা হৈছে আৰু যাৰ বাবে তেওঁলোক পুনৰ বঞ্চিত হ'ব । ২০১৯ অসম প্ৰাথমিক টেট উত্তীৰ্ণ বি টি আৰৰ প্ৰাৰ্থীসকলক মানসিক যন্ত্ৰণা দি পৰিকল্পিতভাৱে হতাশাগ্ৰস্ত কৰি ডিঙি চিপি হত্যা কৰাৰ দৰে হৈছে বুলি কৈ ক্ষোভ প্ৰকাশ কৰিছে প্ৰাৰ্থীসকলে । লগতে, পুনৰ টেট অনুষ্ঠিত কৰাৰ পূৰ্বে ২০১৯ চনত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে । আনহাতে, আমৰণ অনশন কাৰ্যসূচীত বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত হৈ তেওঁলোকৰ দাবীৰ প্ৰতি যোগাত্মক সঁহাৰি নিদিয়া পৰ্যন্ত আমৰণ অনশন কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰাৰ্থীসকলে ।

লগতে পঢ়ক:ৰঙিয়া ৰে’ল জংচনত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.