কোকৰাঝাৰ হত্যাকাণ্ড সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে?

author img

By

Published : Jun 15, 2021, 11:08 PM IST

dgp bhaskarjyoti mahanta pressmeet

কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত সংবাদমেল সম্বোধন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Bhaskarjyoti Mahanta)ৰ । সংবাদমেলত হত্যাকাণ্ডৰ বিৱৰণ দাঙি ধৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

কোকৰাঝাৰ,15 জুন : কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ সবিশেষ তথ্য অৱশেষত পোহৰলৈ আহিছে । ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সঠিক তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ই । ইয়াৰ পাচতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে হত্যাকাণ্ডৰ লগত জড়িত মূল তিনি অভিযুক্তক আটক কৰাৰ লগতে আন চাৰিজন অভিযুক্তক ঘটনা সংক্ৰান্তত আটক কৰিবলৈ সক্ষম হয় ৷ নাবালিকা দুগৰাকীৰ হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্ত তিনিটা ক্ৰমে শালবাৰীৰ মুজাম্মেল শ্বেখ (20), নছিবুল আলী শ্বেখ (19 ) আৰু ফৰুজুল ৰহমান (22) বুলি জানিব পৰা গৈছে ৷

আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

ইফালে মঙলবাৰে নিশা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক সংবাদমেলত অংশগ্ৰহণ কৰি হত্যাকাণ্ডৰ বিৱৰণ দাঙি ধৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদমেলত জনোৱা মতে, 11 জুনৰ আবেলিৰ ভাগত দুই নাবালিকা ভগ্নীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা খবৰ লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি গুৰুত্ব সহকাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ।

ইয়াৰ পাচতে 12 জুনত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ (Surjeet Singh Panesar)ৰ অধ্যক্ষতাত এচআইটি (SIT) দল গঠন কৰা হয় আৰু তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে দলটোৱে । ইয়াৰ মাজতে যোৱা 13 জুনত মুখ্যমন্ত্ৰী শৰ্মাই ভুক্তভোগীৰ পৰিয়ালৰ ঘৰলৈ গৈ আৰক্ষীক তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰে । আৰক্ষীয়ে বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাল (FAAMCH)ৰ অভিজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা 12 টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰে ।

আৰক্ষী সঞ্চালক প্ৰধানে জনোৱা মতে, আৰক্ষীয়ে বিশেষভাৱে ম’বাইলৰ ফোনকল লিষ্ট পৰীক্ষা কৰি তদন্ত আগবঢ়াই নিয়ে ৷ প্ৰথমে 5 জন আৰু পাচত আন দুজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে । ইয়াৰে তিনিজনক আৰক্ষীয়ে তথ্য প্ৰমাণৰ ভিত্তিত মূল অভিযুক্ত হিচাপে চিনাক্ত কৰে । আৰক্ষীয়ে সদৰী কৰা মতে, মূল অভিযুক্ত তিনিজনে নিজৰ দোষ স্বীকাৰ কৰিছে ৷ আন চাৰিজনে আৰক্ষীক বিপথে পৰিচালনা কৰাৰ লগতে হত্যাকাণ্ডত আওপকীয়াকৈ জড়িত আছিল বুলি উল্লেখ কৰে ৷

সংবাদমেলত উপস্থিত থকা বিটিআৰৰ ডিআইজিপি(DIGP)ৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণই (LR Bishnoi)য়ে সদৰী কৰা মতে, মূল অভিযুক্তৰ সৈতে নাবালিকা দুগৰাকীৰ পূৰ্বৰে পৰা সম্পৰ্ক আছিল আৰু হত্যাকাণ্ডৰ দিনা তেওঁলোকক হত্যাকাণ্ড সংঘটিত হোৱা ঠাইলৈ মাতি নিছিল । চিনাকী দলটোৰ সৈতে অইন এজনে মিলি নাবালিকা দুগৰাকীক ধৰ্ষণ কৰাৰ পাচত নাবালিকা দুগৰাকীয়ে পৰিয়াল তথা ৰাইজক সমগ্ৰ ঘটনা অৱগত কৰাৰ ভাবুকি দিছিল । ইয়াতেই ভীতিগ্ৰস্ত হৈ মূল তিনি অভিযুক্তই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰে ।

নাবালিকা দুগৰাকীক হত্যা কৰাৰ পাচত হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ ওৰণিখন দুফাল কৰি ডিঙিত লগাই নাবালিকা দুগৰাকীক গছত ওলোমাই থয় অভিযুক্ত কেইজনে ৷ সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, অভিযুক্তৰ পৰা আৰক্ষীয়ে প্লাষ্টিক পেপাৰ, নম্বৰবিহীন মটৰ চাইকেল, ম’বাইল ফোন জব্দ কৰে ৷ হত্যাকাণ্ডৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ বাবে আবেদন জনাব বুলি সদৰী কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে, আৰক্ষীয়ে তিনি অভিযুক্তক ঘটনাস্থলীলৈ লৈ গৈ ঘটনা কেনেদৰে সংঘটিত কৰিছিল তাৰ বিৱৰণ দিবলৈ কৈ এই বিৱৰণ কেমেৰাত বন্দী কৰে ৷

লগতে পঢ়ক : বাক্সাৰ কুমাৰীকাটাত এটি শিশুৰ দেহত চুম্বকীয় শক্তিৰ উদ্ভৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.