ETV Bharat / state

আস্থা ভোটত জয়ী হোৱাৰ দাবী বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

author img

By

Published : Dec 23, 2020, 3:00 PM IST

Updated : Dec 23, 2020, 3:26 PM IST

আস্থা ভোটৰ পূৰ্বে তুংগত উঠিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বাকযুদ্ধ । হাগ্ৰামা মহিলাৰীয়ে আঞ্চলিক দলক একত্ৰিত হ'বলৈ আহ্বান জনোৱাৰ পিছতে হাগ্ৰামাক তীব্ৰ বাক্যবাণেৰে থকাসৰকা কৰিলে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । ক্ষমতাৰ অপব্যৱহাৰ কৰি ধন ঘটাটোৱেই হাগ্ৰামাৰ মূল উদ্দেশ্য বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে বিটিচি পৰিষদীয় চৰকাৰ গঠনৰ বাবে হ'বলগীয়া আস্থা ভোটত জয়ী হোৱাৰ দাবী মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ।

হাগ্ৰামা মহিলাৰীক 'সুবিধাবাদী নীতিৰ আৱিষ্কাৰক' আখ্যা দিলে প্ৰমোদ বড়োৱে
হাগ্ৰামা মহিলাৰীক 'সুবিধাবাদী নীতিৰ আৱিষ্কাৰক' আখ্যা দিলে প্ৰমোদ বড়োৱে

কোকৰাঝাৰ, ২৩ ডিচেম্বৰ: বিটিচিত ইউপিপিএল, বিজেপি আৰু জিএছপিৰ মিত্ৰজোঁটে এক সবল শক্তি হিচাপে থিয় দিয়াৰ পিছতো বিটিচিৰ শাসনৰ গাদীৰ আশা এৰি দিয়া নাই হাগ্ৰামা মহিলাৰীয়ে । এইবাৰ বিটিচিত আঞ্চলিক দলক একত্ৰিত হৈ যুঁজ দিয়াৰ বাবে মহিলাৰীয়ে আহ্বান জনাইছে । হাগ্ৰামা মহিলাৰীৰ এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, আস্থা ভোটত মিত্ৰজোঁটৰ জয় নিশ্চিত । কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি হাগ্ৰামা মহিলাৰীক তীব্ৰ কটাক্ষ কৰে বড়োৱে ।

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীক সুবিধাবাদী নীতিৰ আৱিষ্কাৰক আখ্যা দি বড়োৱে কয় যে, 'বিগত ১৫ বছৰে বিপিএফ দলে কংগ্ৰেছ আৰু বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দলৰ সতে মিত্ৰতাত থাকিল আৰু এতিয়া আঞ্চলিক দল একত্ৰিত হোৱাৰ কথা কৈছে । হাগ্ৰামা মহিলাৰীয়ে যি ৰাজনীতি কৰি আছে, তাৰ মূল উদ্দেশ্যে হৈছে তেওঁ ক্ষমতাত থাকিব লাগে আৰু টকা ঘটিব লাগে ।'

হাগ্ৰামা মহিলাৰীক 'সুবিধাবাদী নীতিৰ আৱিষ্কাৰক' আখ্যা দিলে প্ৰমোদ বড়োৱে

লগতে তেওঁ কয় যে, চীফ বা ডেপ্যুটী চীফ হ'বলৈ তেওঁলোক শাসনলৈ অহা নাই; বৰঞ্চ বিগত ১৭ বছৰে প্ৰদূষিত কৰা ৰাজনীতি-প্ৰশাসন চাফা কৰিবলৈহে আহিছে । হাগ্ৰামাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি প্ৰমোদ বড়োৱে কয় যে, হাগ্ৰামাই হৰ্ছ ট্ৰেডিঙৰ চেষ্টা কৰি আছে আৰু তেওঁৰ ঘনিষ্ঠ নেতাসকলে বিজেপিৰ নেতা, মন্ত্ৰী, বিধায়কলৈ ফোন কৰি পুনৰ বিটিচিত ৰাজপাত দখলৰ পৰিকল্পনা কৰিছে । বড়োভূমিৰ বিভিন্ন জাতি-জনগোষ্ঠী, মানৱ সম্পদৰ উন্নয়ন, প্ৰশাসন বা অঞ্চলৰ উন্নয়নলৈ পিঠি দি হাগ্ৰামাই কেৱল ক্ষমতা আৰু ধনৰ লোভত ১৭ বছৰে শাসন কৰি ৰাইজৰ প্ৰতাৰণা কৰিলে বুলিও সমালোচনা কৰে ।

আনহাতে, দুৰ্নীতিত লিপ্ত হৈ সম্পত্তিৰ পাহাৰ গঢ়া বিষয়া, নেতাক সকিয়াই দি বড়োৱে কয় যে, দুৰ্নীতিগ্ৰস্ত লোকসকল জে'ললৈ যাব লাগিব । মুঠতে হাগ্ৰামা আৰু বিপিএফৰ সকলো পৰিকল্পনাত চেঁচা পানী ঢালি এইবাৰ বিটিচিৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ বদ্ধপৰিকৰ হৈছে প্ৰমোদ বড়ো । আনহাতে, চৰকাৰ গঠনৰ এমাহৰ পিছতো বিপিএফে পুনৰ নতুন চৰকাৰ গঠন কৰিব বুলি দাবী জনাই আহিছে হাগ্ৰামা মহিলাৰীয়ে ।

লগতে পঢ়ক:যোৰহাটৰ এলাহাবাদ বেংকত উত্তপ্ত পৰিস্থিতি

Last Updated : Dec 23, 2020, 3:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.