ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অনিৰ্দিষ্টকালীন ছুটী প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:18 PM IST

Bodoland University Vice Chancellor
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অনিৰ্দিষ্টকালীন ছুটী

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক 1 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ছুটী ৷ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক প্ৰদীপ কুমাৰ পাত্ৰক অস্থায়ীভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব প্ৰদান ৷

কোকৰাঝাৰ, 29 নৱেম্বৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ কৰাৰ দাবীত এবছুৱে 4 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে বুধবাৰে উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক 1 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ছুটী প্ৰদান কৰা হৈছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপালৰ অনুমোদনৰ ভিত্তিত ৰাজ্যপালৰ সচিব এচ এচ মিনাক্ষী সুন্দৰমে আজি মেমো নং জিএচএ /30/2019/54 যোগে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অহা 1 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ছুটী প্ৰদান কৰিছে ৷ লগতে এই নিদেৰ্শতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক প্ৰদীপ কুমাৰ পাত্ৰক অস্থায়ীভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

Bodoland University Vice Chancellor
লাইশ্ৰাম লাড্ডু সিঙক 1 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ছুটী

উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ অপসাৰণৰ দাবীত বিটিচিৰ বিভিন্ন প্ৰান্তত এবছুৱে দীৰ্ঘদিন ধৰি ধাৰাবাহিক ভাৱে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ নেতৃত্বত বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে বড়ো ছাত্ৰ সংগঠন এবছুৱে ৷ লগতে বিশ্ববিদ্যালয়খনত স্থানীয় যুৱক-যুৱতীক বঞ্চিত কৰি মণিপুৰৰ যুৱক-যুৱতীক অগ্ৰাধিকাৰ দিয়াৰো অভিযোগ উত্থাপন কৰে এবছুৱে ৷ কিন্তু এবছুৱে দীৰ্ঘদিনে চলাই অহা এই আন্দোলনৰ প্ৰতি ভ্ৰূক্ষেপ দিয়া নাছিল চৰকাৰে ৷

বিভিন্ন দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগৰ লগতে দুৰ্নীতিগ্ৰস্ত উপাচাৰ্যজনে বিশ্ববিদ্যালয়খনৰ মৰ্যাদাত কালিমা সনাৰ অভিযোগত তেওঁক দীৰ্ঘদিনৰ পৰা অপসাৰণ কৰাৰ দাবী তুলি আহিছে সংগঠনটোৱে ৷ এই সন্দৰ্ভত এবছুৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপাললৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল ৷

ইফালে দুৰ্নীতিৰ সৈতে সাঙোৰ খোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিং সন্দৰ্ভত কিছুদিন পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেও ৷ উপাচাৰ্যগৰাকীৰ কাম-কাজক লৈ মুখ্যমন্ত্ৰী গৰাকী অলপো সন্তুষ্ট নহয় বুলি মন্তব্য কৰিছিল তেওঁ ৷ লগতে উপাচাৰ্যজনক পদত্যাগ কৰি গুচি যোৱাৰো পৰামৰ্শ দিয়া বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : নিজৰেই ৰেকৰ্ড ভাঙিব: গছ পুলি ৰোপণ আৰু বিহু নৃত্যৰে পুনৰ বিশ্ব অভিলেখ গঢ়িব অসমে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.