ETV Bharat / state

অষ্টমীঘাটত চাফাই অভিযান কোকৰাঝাৰ ডিপোৰোড পূজা কমিটীৰ

author img

By

Published : Oct 7, 2022, 4:26 PM IST

Cleanliness drive at Ashtamighat in Kokrajhar
Cleanliness drive at Ashtamighat in Kokrajhar

কোকৰাঝাৰ ডিপো ৰোড দুৰ্গা পূজা কমিটীৰ প্ৰশংসনীয় পদক্ষেপ (Durga Puja 2022) ৷ কোকৰাঝাৰ চহৰৰ গৌৰাং নদীৰ দুৰ্গা পূজা বিসৰ্জনথলী অষ্টমীঘাটত চাফাই অভিযান (Cleanliness drive at Ashtamighat in Kokrajhar) ৷

কোকৰাঝাৰ, ৭ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা পূজা কমিটিসমূহে মা দুৰ্গাদেৱীৰ প্ৰতিমা নদীৰ ঘাটত বিসৰ্জন দিয়াৰ পৰৱৰ্তী সময়ত য'তে-ত'তে পৰি ৰয় মৃণ্ময় মূৰ্তিৰ লগতে আৱৰ্জনাবোৰ (Durga Puja 2022) । সেইবোৰ পৰিষ্কাৰ কৰি যাতে বিসৰ্জনথলীৰ ঘাট সুন্দৰকৈ ৰাখিব পাৰি তাৰ বাবে কোকৰাঝাৰ চহৰৰ ডিপো ৰোড পূজা কমিটীয়ে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে (Durga Puja 2022 in Kokrajhar) ৷

এই পদক্ষেপৰ অংশ হিচাপে শুকুৰবাৰে ডিপো ৰোড পূজা কমিটীৰ সদস্যসকলে কোকৰাঝাৰ চহৰৰ গৌৰাং নদীৰ অষ্টমীঘাটত উপস্থিত হৈ এক চাফাই অভিযান চলায় (Cleanliness drive at Ashtamighat in Kokrajhar) ৷ চাফাই অভিযানৰ সময়ত সদস্যসকলে য'তে-ত'তে পৰি থকা ঘাটৰ আৱৰ্জনাবোৰ এফালৰ পৰা চাফ-চিকুণ কৰি আন পূজা কমিটীবোৰকো অষ্টমীঘাট পৰিস্কাৰ-পৰিচ্ছন্নতাৰে ৰাখিবলৈ আহ্বান জনাইছে (Ashtamighat of Gaurang river in Kokrajhar) ৷

অষ্টমীঘাটত চাফাই অভিযান কোকৰাঝাৰ ডিপোৰোড পূজা কমিটীৰ

সংবাদ মাধ্যমৰ আগত ডিপো ৰোড দুৰ্গা পূজা কমিটীৰ সম্পাদক চিন্ময় দেয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূজা কমিটীসমূহলৈ জনোৱা আহ্বানক আদৰণি (CM Himanta Biswa Sarma) জনাই দিনক দিনে শুকাই তৰাং হৈ যাবলৈ ধৰা কোকৰাঝাৰ চহৰৰ গৌৰাং নদীৰ বুকু দকৈ খান্দি প্ৰতিমা বিসৰ্জনৰ বাবে সুবিধাজনক কৰি দিবলৈকো আহ্বান জনাইছে ৷

উল্লেখ্য যে, কোকৰাঝাৰ জিলা প্ৰশাসনৰ লগতে পৌৰসভাৰ গা এৰা দিয়া মনোভাৱৰ বাবে গৌৰাং নদীৰ বুকু অতি বাম হৈ শুকাই যোৱাৰ উপক্ৰম হৈছে ৷

বিজয়া দশমীৰ দিনাখন গুৱাহাটীৰ কাছাৰীঘাটত প্ৰতিমা বিসৰ্জনস্থলীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । প্ৰতিমা বিসৰ্জনৰ অন্তত মুখ্যমন্ত্ৰীয়ে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত সকলোকে আহ্বান জনায় । লগতে প্ৰতিমা বিসৰ্জনৰ পিছত বিসৰ্জনস্থলীৰ লগতে পূজাস্থলীসমূহ পৰিষ্কাৰ কৰিবলৈ পূজা সমিতিসমূহলৈ আহ্বান জনায় ।

লগতে পঢ়ক :তেজস্বিতাৰ মৃত্যুত কবিতাৰে চৰকাৰক সমালোচনা ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.