লাফিকুল হত্যাৰ ন্যায়ৰ দাবীত কোকৰাঝাৰত এবিএমছুৰ প্ৰতিবাদ

author img

By

Published : Aug 1, 2021, 9:16 PM IST

abmsu-protests-in-kokrajhar-demanding-justice-for-lafikul-murder

বিগত চাৰিটা বছৰে তদন্তকাৰী সংস্থাই লাফিকুল ইছলাম হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে ৷ যাৰ বাবে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে দেওবাৰে বিটিআৰৰ চাৰিখন জিলাত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লাফিকুল ইছলামৰ হত্যাকাণ্ড সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ চিবিআই তথা চৰকাৰক সাত দিনৰ সময়সীমা বান্ধি দিছে এবিএমছুৱে ৷

কোকৰাঝাৰ,1 আগষ্ট : চাৰি বছৰ সম্পূৰ্ণ হ'ল ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ৷ 2017 বৰ্ষৰ 1 আগষ্টত কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী তিতাগুৰিত অচিনাক্ত দুস্কৃতিকাৰীয়ে দিন-দুপৰতে গুলীয়াই হত্যা কৰিছিল ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদক ৷ কিন্তু আজিও আৰক্ষী প্ৰশাসনে উলিয়াব নোৱাৰিলে দুস্কৃতিকাৰীৰ তথ্য ৷ বিগত চাৰিটা বছৰে তদন্তকাৰী সংস্থাই লাফিকুল ইছলাম হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাত দেওবাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে বিটিআৰৰ চাৰিওখন জিলাতে মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

abmsu-protests-in-kokrajhar-demanding-justice-for-lafikul-murder
লাফিকুল হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত

ইয়াৰে অংশস্বৰূপে কোকৰাঝাৰ জিলাখনৰ ভোটগাঁৱতো এবিএমছুৱে প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী পালন কৰে ৷ লগতে ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক বিগত চাৰিটা বছৰে কৰায়ত্ত নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ এবিএমছুৰ কেন্দ্ৰীয় গোটৰ মুখ্য সাংগঠনিক সম্পাদক জাইদুল ইছলামৰ নেতৃত্বত ভোটগাঁৱত ছাত্ৰ সংগঠনটোৰ কৰ্মী-সমৰ্থকসকলে হাতে হাতে প্লে-কাৰ্ড লৈ লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ত কৰক, আমাক ন্যায় লাগে, অসম চৰকাৰ হুঁচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ছাত্ৰ নেতাগৰাকীৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদৰ মাজতে সাংবাদিকৰ আগত এবিএমছুৰ কেন্দ্ৰীয় গোটৰ মুখ্য সাংগঠনিক সম্পাদক জাইদুল ইছলামে কয় যে, বিগত চাৰিটা বছৰে ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীৰ শুংসূত্ৰ তদন্তকাৰী সংস্থাসমুহে উলিয়াব নোৱাৰিলে ৷ বিগত চাৰিটা বছৰে চৰকাৰ আৰু তদন্তকাৰী সংস্থাৰ ভূমিকাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি জাইদুল ইছলামে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বিশেষ বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে লাফিকুল ইছলাম হত্যাকাণ্ড সন্দৰ্ভত চিবিআইৰ তদন্ত ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে ৷

লাফিকুল হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত কোকৰাঝাৰত এবিএমছুৰ প্ৰতিবাদ

ইফালে নিৰ্বাচনৰ পূৰ্বে লাফিকুল ইছলামৰ হত্যাকাণ্ডক লৈ তথা ধৰ্মীয় সংখ্যালঘুৰ আবেগ-অনুভূতিক লৈ ৰাজনৈতিক খেল খেলিলে আৰু শাসনৰ বাঘজৰী পোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি সমূলি পাহৰিলে বুলি ক্ষোভ ব্যক্ত কৰে জাইদুল ইছলামে ৷ লগতে লাফিকুল ইছলামৰ হত্যাকাণ্ড সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ চিবিআই তথা চৰকাৰক সাত দিনৰ সময়সীমা বান্ধি দি এবিএমছুৱে ৷

abmsu-protests-in-kokrajhar-demanding-justice-for-lafikul-murder
লাফিকুল হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ

অন্যথা বিটিআৰত প্ৰতিবাদী কাৰ্যসূচীৰ উপৰি ৰাজভৱন ঘেৰাও আৰু নতুন দিল্লীলৈকে ধাৰাবাহিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে ৷ প্ৰয়োজনত লাফিকুল হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ৷ দেওবাৰে জিলাখনৰ ভোটগাঁও, ছালাকাটিৰ উপৰি বিটিআৰৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় এবিএমছুৰ মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে পঢ়কঃ আমগুৰিত তৈল খাদৰ পৰা নিৰ্গৰিত ৰাসায়নিক পদাৰ্থই বিনষ্ট কৰিছে কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.