তালিবানৰ সমৰ্থনত পোষ্ট কৰি ৰঙাঘৰৰ আলহী কৰিমগঞ্জৰ দুই যুৱক

author img

By

Published : Aug 22, 2021, 12:08 PM IST

Taliban supporter arrested by the Badarpur police from karimganj

মৃত্যু উপত্যকাত পৰিণত হৈছে আফগানিস্তানৰ ৰাজধানী কাবুল ৷ কাবুল দখল কৰি তালিবানীসকলে কৰা কাৰ্যৰ ভিডিঅ’ ইতিমধ্যে Social media ত ভাইৰেল হৈছে ৷ এই দৃশ্য় প্ৰত্যক্ষ কৰাৰ পাছতেই সমগ্ৰ বিশ্বৰ লগত অসমতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

কৰিমগঞ্জ, 22 আগষ্ট : তালিবানৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট দি শনিবাৰে কৰিমগঞ্জত আৰক্ষীৰ হাতত আটক হয় দুগৰাকী যুৱক ৷ আটকাধীন যুৱক দুজন বদৰপুৰৰ ডেউয়াৰগুলৰ মৰ্তুজা হুছেইন খান আৰু ৰাতাবাৰীৰ মুজিবউদ্দিন বুলি জানিব পৰা হৈছে । মৰ্তুজা হুছেইন খান বদৰপুৰৰ ঐতিহ্যমণ্ডিত নবীন চন্দ্ৰ কলেজৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ।

তালিবানৰ সমৰ্থনত পোষ্ট কৰি ৰঙাঘৰৰ আলহী কৰিমগঞ্জৰ দুই যুৱক

কৰিমগঞ্জ আৰক্ষীয়ে ইতিমধ্যে যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে কৰিমগঞ্জ জিলা আৰক্ষী অধীক্ষকে ৷ উল্লেখ্য যে, তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট দি ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় চৈধ্যজনকৈ লোক । সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা তালিবানক সমৰ্থনত একাংশ লোকে ওলাই অহাৰ বিপৰীতে সামাজিক মাধ্যম ব্যৱহাৰ কৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক : ভৱিষ্যতৰ শংকাত ভুগিছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.