Women trafficking in Cachar: কিশোৰীক দুমাহ ধৰি হেটোলৰ কোঠাত আৱদ্ধ কৰি দেহ ব্যৱসায়

author img

By

Published : Aug 1, 2022, 1:21 PM IST

Updated : Aug 1, 2022, 3:02 PM IST

sex-racket-busted-in-Kachar

কাছাৰত পোহৰলৈ আহিছে নাৰী দেহ ব্যৱসায়ী চক্ৰৰ এক ভয়ানক নেটৱৰ্ক (Women trafficking in Cachar) ৷ কাছাৰৰ দিগৰখাল এলেকাত অৱস্থিত ৰাজ হোটেলত দীৰ্ঘদিন ধৰি চলি আহিছে যুৱতী সৰবৰাহকে ধৰি দেহ ব্যৱসায় চলাই অহাৰ দৰে ভয়ানক ঘটনা ৷ হোটেলৰ কোঠাত কিশোৰীক আৱদ্ধ কৰি পাশৱিক অত্যাচাৰ দেহ ব্যৱসায়ী চক্ৰৰ (Teenager locked in hotel room and involved her in prostitution) ৷

কৰিমগঞ্জ, 1 আগষ্ট: ৰাজ্যত বৃদ্ধি হৈছে অসামাজিক কাৰ্যকলাপ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ কাছাৰত পোহৰলৈ আহিছে নাৰী দেহ ব্যৱসায়ী চক্ৰৰ এক ভয়ানক নেটৱৰ্ক (Women trafficking in Cachar)৷ শনিবাৰে নিশা কালাইন আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কাছাৰৰ দিগৰখাল এলেকাস্থিত ৰাজ হোটেলত তালাচী অভিযান চলায় ৷ কাছাৰ আৰক্ষীয়ে হোটেলখনৰ পৰা এটা পিষ্টল জব্দ কৰাৰ লগতে এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে নাৰী সৰবাৰাহৰ লগত লিপ্ত থকা অভিযোগত মানিক মালাকাৰ নামৰ এজন অভিযুক্তক আটক কৰে ৷

উদ্ধাৰ হোৱা কিশোৰীয়ে জনোৱা মতে, হোটেলখনত বহু দিনৰ পৰা চলি আহিছে নাৰী সৰবৰাহৰ লগতে অবৈধ দেহ ব্যৱসায়ৰ ঘটনা ৷ বিগত দিনত হোটেলখনৰ পৰা বহু যুৱতীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছে কুখ্যাত চক্ৰটোৱে ৷ ইয়াৰ লগতে নিশা তালাচীৰ সময়ত আৰক্ষীয়ে ৰাজ হোটেলৰ পৰা আন বহু আপত্তিজনক তথ্যও লাভ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অভিযান কালত হোটেলৰ এখন বিচনাৰ পৰা এটা পিষ্টলো জব্দ কৰিলে ৷

দুমাহ ধৰি হোটেলৰ কোঠাত আৱদ্ধ কৰি দেহ ব্যৱসায়ত লিপ্ত কিশোৰীক

জানিব পৰামতে বিগত দুইমাহ ধৰি কিশোৰীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল দেহ ব্যৱসায়ী চক্ৰটোৱে ৷ জিয়াবুৰ নামৰ এজন ব্যক্তিয়ে কিশোৰীগৰাকীক ঘৰৰ পৰা অপহৰণ কৰি আনিছিল ৷ কিশোৰীগৰাকীয়ে বিগত দুমাহত প্ৰতিদিনেই অপকৰ্মত লিপ্ত হ’বলগা হৈছিল (Teenager locked in hotel room and involved her in prostitution) ৷

এই চক্ৰটোৰ মূল অভিযুক্ত আব্দুল মালিক,নেজাম আৰু জিয়াবুৰ বুলি কিশোৰীগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে ৷ ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই তিনি দেহ ব্যৱসায়ীয়ে পলায়ন কৰে ৷

উল্লেখ্য যে দুমাহ পূৰ্বে কাছাৰৰ গুমৰাহ এলেকাৰ পৰা এগৰাকী কিশোৰী নিৰুদ্দেশ হৈছিল ৷ কিশোৰীগৰাকীৰ পৰিয়ালে গুমৰাহ আৰক্ষী চকীত নিজ কন্যাৰ সন্ধান বিচাৰি গোচৰ ৰুজু কৰিছিল ৷ কিন্তু দুমাহ অতিবাহিত হোৱাৰ পাছতো গুমৰাহ পুলিচে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল কিশোৰীগৰাকীক ৷

লগতে পঢ়ক: বৰপেটাত উৎখাট নাৰী দেহ ব্যৱসায়ী চক্ৰ

Last Updated :Aug 1, 2022, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.