কৰিমগঞ্জত এটা হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ খাইছে বিধায়ক ছিদ্দিক আহমেদৰ

author img

By

Published : Sep 1, 2021, 10:32 PM IST

কৰিমগঞ্জত এটা হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ খাইছে বিধায়ক ছিদ্দিক আহমেদৰ

কৰিমগঞ্জত এক হত্যাকাণ্ডক কেন্দ্ৰকৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ নিলামবজাৰ আৰক্ষী থানা ঘেৰাও কৰি স্থানীয় ৰাইজে অপৰাধীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছে ৷

কৰিমগঞ্জ,1 ছেপ্তেম্বৰ: সোমবাৰে কৰিমগঞ্জত এক হত্যাকাণ্ড সংঘটিত হৈছিল ৷ তাৰপাচতে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ৷ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি জালত পেলাবলৈ সক্ষম হৈছিল হত্যাকাণ্ডটোৰ সৈতে জড়িত পাঁচ জনকৈ লোকক ৷ উল্লেখযোগ্য আটকাধীন পাঁচজনৰ ভিতৰত এগৰাকী মহিলাও আছিল ৷

আনহাতে হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধী কেইটাক আটক কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে অঞ্চলটো ৷ বুধবাৰে হত্যাকাৰী কেইটাৰ ফাঁচী দিয়াৰ দাবীৰে কেইৱাশতাধিক ৰাইজে নিলামবজাৰ আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইপিনে এই হত্যাকাণ্ডৰ সৈতে বিধায়ক ছিদ্দিক আহমেদ জড়িত হৈ আছে বুলি স্থানীয় ৰাইজে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷

কৰিমগঞ্জত এটা হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ খাইছে বিধায়ক ছিদ্দিক আহমেদৰ

লগতে পঢ়কঃ অৰুণাচলত পণবন্দী মৰাণৰ 12 জন যুৱক; পুত্ৰক বিচাৰি অশ্ৰুপাত মাতৃৰ

ইপিনেদি এই ঘটাৰ সৈতে জড়িতৰ অভিযোগত নিলামবজাৰ আৰক্ষীয়ে আটক কৰা অভিযুক্ত কেইটা হৈছে আনোয়াৰা বেগম, সোণোহাৰ আলী, আজিৰ উদ্দিন, ফজিৰ উদ্দিন আৰু মজিৰ উদ্দিন ৷ হত্যা কৰা ব্যক্তি গৰাকী আছিল এগৰাকী ঠিকাদাৰ ৷ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিনোদিনি গাঁৱৰ নিৱাসী আছিল ঠিকাদাৰ নৰুল ইছলাম ৷

ঘটনা অনুসৰি সোমবাৰে নিজৰ বাগিছাৰ শ্ৰমিক সকলক দৰমহা দিবলৈ যোৱাৰ সময়তে সেই পাঁচজনীয়া দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল নুৰুল ইছলামক ৷ তাৰ পাছতে একাংশ স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত নুৰুলক প্ৰথমে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে শিচলৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে মৃত্যু হয় ঠিকাদাৰ গৰাকীৰ ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে হত্য়া হ’ব অগ্ৰণী হিন্দুত্ববাদী নেতাৰ : ৰাকেশ টিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.