ETV Bharat / state

মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

author img

By

Published : Dec 2, 2020, 12:39 PM IST

বুধবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী চি কে চাংমাক সাক্ষাৎ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ৷ মেঘালয়ত ইনাৰ লাইন পাৰমিট আৰম্ভ নকৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত বৰাকৰ এটি প্রতিনিধি দলে ৷

mla kamalaksha dey purokayst met meghalaya cm
মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

কৰিমগঞ্জ,2 ডিচেম্বৰ : মেঘালয়ত ইনাৰ লাইন পাৰমিট আৰম্ভ নকৰিবলৈ বুধবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী চি কে চাংমাক সাক্ষাৎ কৰিলে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত বৰাক উপত্যকাৰ এক প্রতিনিধি দলে ।

mla kamalaksha dey purokayst met meghalaya cm
মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

উল্লেখ্য যে, অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত দীৰ্ঘদিন ধৰি বঙালী লোকসকলক চুড়ান্তভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছিল । আনহাতে বৰ্তমান মেঘালয় ৰাজ্যত ইনাৰ লাইন পাৰমিট স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । মেঘালয়ত ইনাৰ লাইন পাৰমিট আৰম্ভ হ’লে চৰম বিপাঙত পৰিব বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বাসিন্দাসকল ।

mla kamalaksha dey purokayst met meghalaya cm
মেঘালয়ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ

বৰাক উপত্যকাৰ তিনিওখন জিলাৰ সৈতে অসমৰ অন্য প্রান্তৰ যোগাযোগ কৰাৰ বাবে মেঘালয় অতিক্ৰম কৰিব লাগে । কিন্তু ইনাৰ লাইন পাৰমিট আৰম্ভ হ’লে সমস্যাত পৰিব বৰাক উপত্যকাৰ লোকসকল । সেয়েহে উত্তৰ কৰিমগঞ্জৰ বিধায়ক গৰাকীৰ নেতৃত্বত বৰাকৰ এটি প্রতিনিধি দলে মেঘালয়ৰ মুখ্যমন্ত্রী চি কে চাংমাক সাক্ষাৎ কৰি এক স্মাৰক পত্র প্রদান কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : পবাৰ সৌন্দৰ্য বৰ্ধনৰ বাবে জোনাইৰ স্থানীয় যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.