ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ জালত ভুৱা CBI

author img

By

Published : Oct 27, 2020, 9:10 PM IST

KIDNAPPER ARRESTED BY POLICE IN KARIMGANJ
কৰিমগঞ্জ আৰক্ষীৰ জালত ভুৱা CBI

কৰিমগঞ্জত ভুৱা CBI ৷ আটক আৰক্ষীৰ ৷ এগৰাকী লোকৰ বাসগৃহত প্ৰৱেশ কৰি ধন-সোণ লুটপাত কৰাৰ অভিযোগ যুৱক তিনিজনৰ বিৰুদ্ধে ৷

কৰিমগঞ্জ, 27 অক্টোবৰ : ভুৱা CBI সাজি চৰকাৰী কৰ্মচাৰীক অপহৰন কৰাৰ চেষ্টা চলোৱা দুই যুৱকক আটক কৰিবলৈ সক্ষম হৈছে পাথাৰকান্দি আৰক্ষীয়ে । আৰক্ষীৰ হাতত আটক হোৱা যুৱক দুজন বদৰপুৰ থানাৰ অন্তৰ্গত ভাঙগা এলেকাৰ নুমান উদ্দিন আৰু মুজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিগত 12 অক্টোবৰৰ নিশা এৰালীগুল এলেকাৰ চৰকাৰী কৰ্মচাৰী ৰজত গোস্বামীৰ ঘৰত তিনিজনীয়া যুৱকৰ দল এটাই CBI ৰ পৰিচয় দি ঘৰত প্ৰবেশ কৰি নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়াৰ লগত পিস্তল দেখুৱাই ৰজত গোস্বামীক অপহৰণ চেষ্টা চলাইছিল কিন্তু এলেকাৰ লোকৰ তৎপৰতাত তিনিজনৰ মাজত এজন যুৱকক আটক কৰা হৈছিল যদিও আন দুজন পলাই যাবলৈ সক্ষম হৈছিল । অবশেষত আন দুই অপহৰনকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

লগতে পঢ়ক : ধুবুৰীত ৰাজনৈতিক নেতাৰ হাতোৰাত বন্দী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.