Social Harassment: বিজেপিত যোগ দি এঘৰীয়া 11 টা পৰিয়াল

author img

By

Published : Dec 22, 2022, 10:57 PM IST

Social Harassment

মানৱ সমাজক লজ্জানত কৰা এখন সমাজৰ হঠকাৰী সিদ্ধান্ত । কৰিমগঞ্জৰ 11 টাকৈ পৰিয়ালৰ বিৰুদ্ধে একাংশ গাঁওবাসীয়ে একপ্ৰকাৰে জাৰি কৰিলে কেবাটাও ফটোৱা । শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰা হ’ল পৰিয়ালকেইটাৰ ল'ৰা-ছোৱালীক ৷ বন্ধ কৰি দিয়া হয় অহা-যোৱাৰ বাট পথ ৷ আনকি পৰিয়ালকেইটাৰ বাসগৃহত অগ্নিসংযোগ কৰি তেওঁলোকক হত্যাৰ চেষ্টা চলায় একাংশ গাঁওবাসীয়ে ৷

বিজেপিত যোগ দি এঘৰীয়া 11 টা পৰিয়াল

কৰিমগঞ্জ, 22 ডিচেম্বৰ: বিজেপিত যোগদান কৰাটোৱেই কাল হ'ল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিসকুট গাঁৱৰ এঘাৰটাকৈ পৰিয়ালৰ । গাঁৱৰ আন একাংশই একপ্ৰকাৰে এওঁলোকৰ বিৰুদ্ধে জাৰি কৰিলে কেবাটাও ফটোৱা । সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ল এঘৰটাকৈ পৰিয়ালক(11 family Expelled for join BJP) । গাঁৱৰ স্কুল আনকি মছজিদৰ পৰাও বহিষ্কাৰ কৰা হ'ল আব্দুৰ ৰহিম, মতিউৰ ৰহমান, সোনাহৰ আলিসহ মুঠ এঘাৰটাকৈ পৰিয়ালক । বিজেপি যোগদানৰ পিছৰে পৰাই তেওঁলোকক বিভিন্ন পন্থাৰে হাৰাশাস্তি কৰি অহা হৈছে বুলি পৰিয়ালকেইটাই অভিযোগ উত্থাপন কৰিছে ।

আনকি বুধবাৰে এই গাঁওখনত সংঘটিত হৈ গ’ল এক অমানবীয় ঘটনা । ফটোৱাৰ সম্মুখীন হোৱা এঘাৰটাকৈ পৰিয়ালৰ লোকৰ অভিযোগ মতে, গাঁৱৰ আব্দুল মুতলিব আৰু ৰকিব আলিৰ নেতৃত্বত প্ৰায় দুই শতাধিক লোকে আব্দুৰ ৰহিম আৰু আব্দুৰ ৰজ্জাকৰ পৰিয়ালৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায় । আনকি আব্দুৰ ৰহিমৰ ঘৰত দুই অভিযুক্তৰ নেতৃত্বত অগ্নিসংযোগ কৰা হয় যদিও কথমপি অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বাসগৃহটোৰ লগতে পৰিয়ালৰ লোক ।

ইপিনে বিজেপিক সমৰ্থন কৰা এঘাৰটাকৈ পৰিয়ালৰ অহা যোৱাৰ বাট পথ বন্ধ কৰি দিয়ে অভিযুক্ত আব্দুল মুতলিব আৰু ৰকিব আলিৰ নেতৃত্বত অহা দলটোৱে । বাট পথত বেৰ দিয়া হয়, পথৰ ওপৰত তামোল গছ ৰোপন কৰি বন্ধ কৰি দিয়া হয় অহা যোৱাৰ বাট পথ । ইয়াৰ পূৰ্বে শিক্ষা দিক্ষাৰ পৰা বঞ্চিত কৰা হৈছিল পৰিয়ালকেইটাৰ ল'ৰা-ছোৱালীক । এই ঘটনাক কেন্দ্ৰ কৰি উত্তৰ কৰিমগঞ্জৰ বিসকুট এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনকি সামাজিক বৈষম্যতাৰ চিকাৰ হোৱা অসহায় পৰিয়াল কেইটাই বৰ্তমানে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

লগতে পঢ়ক : Molestation of minor in Sonari: নাবালিকাক যৌন নিৰ্যাতন চলাই আটক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.