ETV Bharat / state

Cylinder explosion in Karimganj: কৰিমগঞ্জত জুইত জাহ গ’ল কেইবাটাও গৃহ

author img

By

Published : Jul 15, 2022, 1:17 PM IST

কৰিমগঞ্জত চিলিণ্ডাৰ বিস্ফোৰণ (Cylinder explosion in Karimganj)৷ জুইত জাহ গ’ল কেইবাটাও গৃহ ৷ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ খবৰ ৷

Cylinder explosion in Karimganj
Cylinder explosion: কৰিমগঞ্জত জুইত জাহ গ’ল কেইবাটাও গৃহ

কৰিমগঞ্জ, 15 জুলাই: কৰিমগঞ্জত বিধ্বংসী অগ্নিকাণ্ড ৷ জুইত জাহ গ’ল কেইবাটাও বাসগৃহ ৷ শুকুৰবাৰৰ পুৱাৰ ভাগত বদৰপুৰ বাদেমহল গাৱঁৰ আব্দুল বাতিনৰ ঘৰত সংঘটিত হয় এই দুৰ্ঘটনা ৷ গেছভৰ্তি চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাৰ পাছতে হঠাতে জুইয়ে আঁৱৰি ধৰে ঘৰটোৰ কেইবাটাও কোঠা (Cylinder blast in Karimganj) ৷

এই ভয়াৱহ অগ্নিকাণ্ডত প্ৰায় দুই লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব দিয়ে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী নুৰুল ইছলামে ৷ মন কৰিবলগীয়া বিষয় যে, অতিকৈ পিছপৰা অঞ্চল হোৱা হেতুকে বাদেমহাকাল গাঁৱৰ লোকসকলে বিভিন্ন সময়ত পৰি আহিছে বিপদত ৷ ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ কোনো যোগাযোগ নম্বৰ কাৰোৰে হাতত নথকাৰ হেতুকে সময়ত অগ্নি আৰু জৰুৰীকালীন সেৱাক খৱৰ দিব পৰা নাছিল ৷ পলমকৈ খবৰ পোৱাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতহে নিয়ন্ত্ৰণলৈ আহে জুই ৷

উল্লেখ্য যে, অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ (Fire and emergency services)উদ্যোগত বিভিন্ন সময়ত ঠায়ে ঠায়ে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় যদিও ৰাজ্যত এতিয়াও বহু পিছপৰা অঞ্চল আছে যি এই সংক্ৰান্তত একেবাৰে অজ্ঞ ৷ সেয়েহে এনে অঞ্চল সমূহকো সামৰি সংশ্লিষ্ট বিভাগসমূহক জৰুৰীকালীন অৱস্থাত ল’ব লগা সতৰ্কতামূলক ব্যৱস্থাৰ দিহা কৰাৰ সন্দৰ্ভত সজাগতা সভাৰ কথা উল্লেখ কৰিলে অঞ্চলটোৰ লোকসকলে ৷

লগতে পঢ়ক: Fire in Bangladesh : বাংলাদেশত অগ্নিকাণ্ডৰ ফলত 40 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.