ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাক অমান্য মেঘালয় প্ৰশাসনৰ

author img

By

Published : May 7, 2020, 5:10 PM IST

6 নং ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয় প্ৰশাসনে উভতাই পঠিয়ালে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে এম্বুলেন্স আদি সকলো ধৰণৰ বাহন ৷ প্ৰশাসনৰ অনুমতি সাপেক্ষে চলাচল কৰা বাহন সমূহক উভতাই পঠিওৱাৰ বাবে বৃহস্পতিবাৰে জিলা উপায়ুক্তক অভিযোগ প্ৰদান কৰে ভুক্তভোগীয়ে ৷

ASSAM PASSENGERS HARRASED IN MEGHALAYA
কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাক অমান্য মেঘালয় প্ৰশাসনৰ

কৰিমগঞ্জ, 7 মে' : বৈধভাবে মেঘালয় হৈ অসমলৈ আহিব বিচৰা যাত্ৰীক হাৰাশাস্তি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৷ চৰকাৰী নীতি-নিৰ্দেশনাক অমান্য কৰি ঘুৰাই পঠিয়ালে প্ৰশাসনৰ অনুমতি সাপেক্ষে চলাচল কৰা সকলো যান-বাহন ৷ আনকি ৰোগী কঢ়িওৱা এম্বুলেন্সকো যাবলৈ অনুমতি প্ৰদান নকৰিলে মেঘালয় প্ৰশাসনে ৷

কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাক অমান্য মেঘালয় প্ৰশাসনৰ

অসমৰ বৰাক উপত্যকাৰ পৰা গুৱাহাটী আৰু অসমৰ আন আন প্ৰান্তলৈ যোৱাৰ একমাত্ৰ পথ হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ যিটো পথ মেঘালয় ৰাজ্যৰ মাজেৰে বৰাক উপত্যকতাত মিলিত হৈছে ৷

শেহেতীয়াকৈ চৰকাৰী সিদ্ধান্ত অনুসৰি বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলক নীতি-নিৰ্দেশনাৰ মাজেৰে যাবলৈ অনুমতি প্ৰদান কৰাৰ লগতে বিশেষ সেৱাৰ লগত জড়িত বাহন সমূহক যাবলৈ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷

কিন্তু প্ৰশাসনৰ নীতি-নিৰ্দেশনাক অমান্য কৰি মেঘালয় প্ৰশাসনে সকলো বাহনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন সমূহক যাবলৈ অনুমতি প্ৰদান কৰা নাই ৷ আনকি ৰোগী কঢ়িওৱা এম্বুলেন্সকো যাবলৈ অনুমতি প্ৰদান নকৰিলে মেঘালয় প্ৰশাসনে ৷

বিগত বহু দিনৰ পৰা মেঘালয় প্ৰশাসনৰ এই নিৰ্যাতনত অতীষ্ঠ হৈ বৃহস্পতিবাৰে এম্বুলেন্স চালক আৰু বাছ চালক সকলে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক লগত লৈ কৰিমগঞ্জ জিলা উপায়ুক্তক এক অভিযোগ প্ৰদান কৰে ৷

কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাক অমান্য মেঘালয় প্ৰশাসনৰ

লগতে পঢ়ক : মানসিক বাধাগ্ৰস্ত লোকৰ সৈতে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.