ETV Bharat / state

কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Nov 16, 2020, 6:37 AM IST

FIRE BROKEOUT AT MANJA
কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

দেওবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ইয়াৰ পিচতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰে ৷ অগ্নিকাণ্ডৰ ঘটনাত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ডিফু, 16 নৱেম্বৰঃ দিপাৱলীৰ উৎসৱ আনন্দৰ মাজতে দেওবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ইয়াৰ পিচতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰে ৷

তথ্য অনুসৰি, প্ৰথম অৱস্থাত মাঞ্জা বজাৰ নিবাসী থমাচ লাক্ৰা নামৰ লোকজনৰ বাসগৃহত দিপাৱলীৰ উপলক্ষে চাকি জ্বলোৱা হয় । চাকি জ্বলাইয়ে পৰিয়ালটো ঘৰৰ পৰা ওলাই যায় ৷ পৰৱৰ্তী সময়ত চাকিৰ পৰা নিৰ্গত হোৱা জুই মূল ঘৰলৈ বিয়পি পৰাৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

অন্যহাতে স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপণ কৰা হয় যদিও নিমিষতে কালৰূপ ধাৰণ কৰা জুইৰ শিখাই লাক্ৰাৰ ঘৰটো ছাইত পৰিণত কৰে । উক্ত অগ্নিকাণ্ডৰ ঘটনাত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃ নগাঁৱৰ জামুগুৰিত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.