খটখটীত আৰক্ষীৰ তালাচীৰ সময়ত পলায়ন কৰা ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

author img

By

Published : Oct 9, 2021, 4:46 PM IST

DRUGS SIEZED AT BORPATHER

খটখটীৰ পৰা পলায়ন কৰা ২ ড্ৰাগছ সৰবৰাহকাৰীক বৰপথাৰত আটক । খটখটী থানাৰ আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে হেৰ'ইন লৈ অনা বাহনসহ পলায়ন কৰে সৰবৰাহকাৰী দুটাই । পিছত বৰপথাৰ আৰক্ষীয়ে শিলনীজান এলেকাত বাহনখন জব্দ কৰে আৰু সৰবৰাহকাৰী দুটাক আটক কৰিবলৈ সক্ষম হয় ৷

ডিফু, ৯ অক্টোবৰ: ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত মণিপুৰৰ যুৱক । মোটা অংকৰ ধনৰ বিনিময়ত অসমত বিক্ৰী কৰিছে মাৰাত্মক হেৰ'ইন । শনিবাৰে গোলাঘাটৰ জিলাৰ বৰপথাৰ আৰক্ষীৰ জালত পৰে মণিপুৰৰ দুটা সৰবৰাহকাৰী । জানিব পৰা মতে, খটখটী থানাৰ আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত খটখটীত দিনৰ ১১ বজাত নাকা তালাচী চলোৱা হৈছিল ৷

DRUGS SIEZED AT BORPATHER
খটখটীত আৰক্ষীৰ তালাচীৰ সময়ত পলায়ন কৰা ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

একে সময়তে ডিলাই আৰু বৰপথাৰতো নাকা তালাচী চলোৱা হয় ৷ সেই সময়তে খটখটীত নাকা তালাচীত এন এল ০৭-৭১১৫ নম্বৰৰ ব্ৰিজা গাড়ীখনত তালাচী চলাব লওঁতেই ব্ৰিজাখনে বৰপথাৰ অভিমুখে পলায়ন কৰে ৷ লগে লগে খটখটী আৰক্ষীয়ে বৰপথাৰ আৰক্ষীক খবৰ দিয়ে । এই খবৰ লাভ কৰি বৰপথাৰ থানাৰ আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে আৰু বৰপথাৰ থানাৰ অন্তৰ্গত শিলনীজান এলেকাৰ পৰা বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷

DRUGS SIEZED AT BORPATHER
আৰক্ষীৰ অভিযানত ৬৯৮ গ্ৰাম হেৰ'ইন জব্দ

অভিযানকাৰী দলটোৱে ব্ৰিজাখনৰ দৰ্জাৰ পিছফালৰ ৱেলডিং কৰা স্থান মেকানিকৰ সহায়ত ভাঙি স্থানীয় লোকৰ উপস্থিতিতে ৬৯৮ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে । লগতে বাহনখনত হেৰ'ইন লৈ অনা দুজন লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ‍য় ৷

ধৃত লোক দুজন হৈছে মণিপুৰৰ সেনাপতি জিলাৰ খৰ্ক থাপাৰ পুত্ৰ বিকাশ থাপা আৰু খৰানন্দ দুলহালৰ পুত্ৰ অমন দুলহাল । আৰক্ষীৰ জেৰাত ধৃত সৰবৰাহকাৰী দুটাই স্বীকাৰ কৰে যে হেৰ'ইনখিনি জাগীৰোডলৈ নি হৈছিল । জব্দকৃত হেৰ'ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বোকাজানৰ আৰক্ষী বিষয়া মনি চমুৱা আৰু খটখটীৰ আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ উপস্থিতিত জব্দ কৰা হয় ৷

উল্লেখ্য যে, নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । চলিত সপ্তাহত কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে তিনিটাকৈ সফল অভিযান চলায় আৰক্ষীয়ে । শনিবাৰেও জিলা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সীমান্তৱৰ্তী এলেকাৰ বিভিন্ন স্থানত নাকা তালাচী বহুৱাইছিল ৷

লগতে পঢ়ক:মাৰ্ঘেৰিটাত চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ: আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.