সোণৰ কণীপৰা হাঁহত পৰিণত কাৰ্বি আংলঙৰ ডলামৰা পাহাৰ

author img

By

Published : Sep 21, 2022, 5:02 PM IST

bokalhat

কাৰ্বি আংলং বন বিভাগৰ চৰম অকৰ্মণ্যতাৰ বাবেই দুষ্কৃতিকাৰীয়ে অনায়াসে বন ধ্বংস অব্যাহত ৰাখিছে (destroy forest in Karbi Anglong dolamara) ৷ ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে দুষ্কৃতিকাৰীয়ে অব্যাহত ৰাখিছে বনধ্বংস কাৰ্য ৷

বোকাখাত, ২১ ছেপ্টেম্বৰ : কাৰ্বি আংলং বন বিভাগৰ চৰম অকৰ্মণ্যতাৰ বাবেই দুষ্কৃতিকাৰীয়ে অনায়াসে বন ধ্বংস অব্যাহত ৰাখিছে (destroy forest in Karbi Anglong dolamara) ৷ ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে দুষ্কৃতিকাৰীয়ে অব্যাহত ৰাখিছে বনধ্বংস কাৰ্য ৷ কাৰ্বি আংলঙৰ ডলামৰা বন বিভাগৰ (Dolamara forest department of Karbi Anglong) নাকৰ তলেদিয়েই দুষ্কৃতিকাৰীয়ে কাটি লৈ গ'ল ৪ জোপাকৈ মূল্যৱান চেগুণ গছ ৷

জানিব পৰা মতে, মঙলবাৰে নিশা AS 03 AA 0551 নম্বৰৰ ডি আই পিকআপ ভানখনে কাৰ্বি আংলং ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে ৪ জোপাকৈ মূল্যৱান চেগুণ গছ কাটি দুই গাড়ী কাঠ কঢ়িয়াই নিয়ে (forest degradation in Karbi Anglong by miscreants) । তাৰ পিছত তৃতীয় গাড়ী কাঠ গাড়ীত উঠাই থকা অৱস্থাত বন বিভাগৰ লোক গৈ তাত উপস্থিত হোৱাত ডি আই পিকআপ ভানখনৰ চালকসহ বাকী লোকসকলে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে ৷

সোণৰ কণীপৰা হাঁহত পৰিণত কাৰ্বি আংলঙৰ ডলামৰা পাহাৰ

পৰৱৰ্তী সময়ত বন বিভাগে ৮ টা চেগুণৰ কুণ্ডাসহ AS 03 AA 0551 ডি আই পিকআপ ভানখন জব্দ কৰি বনাঞ্চলিক কাৰ্যালয়লৈ নিয়ে ৷ পৰিতাপৰ কথা যে কাৰ্বি আংলং ডলামৰাৰ বন বিভাগৰ অকৰ্মণ্যতাৰ বাবেই ডলামৰাত এনেদৰে অব্যাহত আছে বনধ্বংস কাৰ্য ৷ আনহাতে, বন বিভাগক কৰ্তব্য সম্পাদন কৰিবৰ বাবে ৰাজ্য চৰকাৰে এখন বলেৰ' গাড়ী ডলামৰা বন বিভাগক প্ৰদান কৰিছিল যদিও বনাঞ্চলিক বিষয়া প্ৰহ্লাদ ক্ৰ'ৱে কাৰ্যালয়ৰ কামত ব্যৱহাৰ কৰাৰ নামত সপ্তাহৰ বেছিভাগ দিন ডিফুত থকাৰ বাবেই বনকৰ্মীসকলে খোজকাঢ়িয়েই নিশা কৰ্তব্য সম্পাদন কৰিবলগা হয় ৷

যাৰ বাবেই দুষ্কৃতিকাৰীয়ে অনায়াসে মূল্যৱান গছ কাটি নিবলৈ সক্ষম হয় ৷ এই ক্ষেত্ৰত কাৰ্বি আংলং ডলামৰা বন বিভাগে দায়সৰা মন্তব্যহে প্ৰদান কৰে ৷ যদি এনেকুৱায়েই হয়, তেন্তে ডলামৰাৰ মূল্যৱান বনজ সম্পদ যে এদিন নিঃশেষ হৈ পৰিব সেয়া নিশ্চিত ৷

লগতে পঢ়ক :ডিমা হাছাওত চোৰাং কাঠ ব্যৱসায়ীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.