ETV Bharat / state

বোকাজানত বন্যহস্তীৰ আক্ৰমণত শিশুসহ 4 জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 8:08 PM IST

কাৰ্বি আংলঙৰ বোকাজানত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল শিশুসহ চাৰিজনকৈ লোকৰ ৷ চিত্ৰনলাৰ বাগানত ঘাঁহ কাটি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা ৷

Killed by Wild Elephants in Karbi Anglong
বন্যহস্তীৰ আক্ৰমণ

বন্যহস্তীৰ আক্ৰমণত 4 জনৰ মৃত্যু

ডিফু, 23 নৱেম্বৰ : হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পোৱাৰ সময়তে বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ বোকাজানত সংঘটিত হ’ল এক কৰুণ ঘটনা ৷ হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ গ'ল শিশুসহ চাৰিজনকৈ লোকৰ ৷ বোকাজান আৰক্ষী থানাৰ অন্তর্গত ন-কালভার্ট তেতেলীগুৰিত বন্যহস্তীৰ আক্ৰমণত চাৰিজনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ বোকাজানতে গভীৰ শোকৰ ছাঁ পেলাইছে ৷

জানিব পৰা মতে তেতেলীগুৰিৰ ঘন হাবিৰ মাজত থকা চিত্ৰনলা বাগানত চিত্ৰনলা ঘাঁহ কাটি থকা অৱস্থাত হঠাতে অহা দুটা বন্যহস্তীয়ে একেটা পৰিয়ালৰে চাৰিজনকৈ লোকক আক্ৰমণ কৰাত আটাইকেইজনৰে মৃত্যু হয় ৷ মৃত্যু হোৱা লোককেইজন কানিয়া তিৰিয়া (55), ৰেবিকা কেৰ্কেটা (35), জিছয়া কেৰ্কেটা (3) আৰু ডেৰ বছৰীয়া আগষ্টিন কর্মকাৰ বুলি জানিব পৰা গৈছে ৷

কানিয়া তিৰিয়া, জিছয়া কেৰ্কেটা আৰু আগষ্টিন কর্মকাৰৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে ৰেবিকা কেৰ্কেটাৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷ প্ৰত্যক্ষদর্শীৰ ভাষ্য অনুসৰি কণমানি শিশু দুটিক মাকে চিত্ৰনলা বাগানত চিত্ৰনলা ঘাঁহ কাটিবলৈ যাওঁতে লগত লৈ গৈছিল আৰু বাগানতে শিশু দুটিক বহুৱাই থৈ মাকে নিজৰ কাম কৰি আছিল ৷ তেনে অবস্থাতে বন্যহস্তী দুটাই খেদি অহাত কণমানি শিশু দুটি পলাব নোৱাৰাৰ লগতে বয়সস্থ কানিয়া তিৰিয়াক চিত্ৰনলা বাগানতে গচকি হত্যা কৰে হাতীয়ে ৷

ৰেবিকা কেৰ্কেটাকো বন্যহস্তীয়ে খেদি খেদি আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷ ইয়াৰ উপৰিও আন এটি শিশুকো বন্যহস্তী দুটাই আক্ৰমণৰ বাবে চোঁচা লৈছিল যদিও ওচৰতে খৰি কাটি থকা এজন লোকে হাতত দা লৈ মৰণত শৰণ দি কোনোমতে শিশুটিক কোলাত লৈ হাবিৰ মাজত লুকাই পৰাত শিশুটিৰ প্ৰাণ ৰক্ষা পৰে ৷

উল্লেখ্য যে বোকাজানৰ বিভিন্ন স্থানত বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই আহি জনবসতিপূর্ণ স্থানত তাণ্ডৱ সৃষ্টি কৰাৰ দৃশ্য এতিয়া সহজলভ্য ৷ প্ৰতিদিনেই মানুহৰ বাৰীত, ঘৰ অথবা ধাননিপথাৰত পকা ধানত জঁপিয়াই পৰি সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে ৷ হাবি-বননিৰে পৰিপূৰ্ণ কাৰ্বি আংলঙৰ বনাঞ্চলত শেহতীয়াভাবে চোৰাং কাঠ ব্যবসায়ীৰ দৌৰাত্ম্য বৃদ্ধি পোৱাৰ বাবে ধ্বংস হৈছে সেউজীয়া অৰণ্য ৷ তাৰ ফলস্বৰূপে বনাঞ্চলত খাদ্যৰ সংকট নামি আহিছে ৷ সেয়েহে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক জনাঞ্চললৈ ওলাই আহিছে ৷ ফলত বিশেষকৈ প্ৰতিদিনেই হস্তী-মানৱৰ সংঘাত বৃদ্ধি পাইছে ৷

পৰৱৰ্তী সময়ত বোকাজান আৰক্ষী থানাৰ জ্যেষ্ঠ বিষয়া মনজিৎ তেৰাং সহ আৰক্ষীৰ এটা দলৰ লগতে বোকাজান বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি বোকাজান থানালৈ লৈ আনে ৷ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পৰিয়ালৰ লোকক চমজাই দিয়া হব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ডিফুত তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ইতিহাস সংস্থাৰ অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.