ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jan 13, 2021, 1:15 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঠশালাৰ বজাৰত ওলাইছে 40 কেজি ওজনৰ মাছ

উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে বজাৰত মাছ কিনিবলৈ আৰু চাবলৈ গ্ৰাহকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে l পাঠশালৰ বজাৰতো বিভিন্ন প্ৰজাতিৰ মাছ দেখিবলৈ পোৱা গৈছে ৷

বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা

বিগত বৰ্ষত ৰাজ্যিক কেবিনেটে বজালী মহকুমাক এখন পূৰ্ণকালীন জিলালৈ ৰূপান্তৰিত কৰাৰ এক প্ৰস্তাৱনা গৃহীত কৰিছিল ৷

ভোগালী উৰুকাৰ পুৱাই চিৰাঙত মাছৰ উজান

চিৰাঙত উৰুকাৰ মাছৰ উভৈনদী । উৰুকাৰ নিশা মাছ-মহঙে এসাঁজ খোৱাৰ প্ৰয়াস লোক সকলৰ ।

ঐতিহাসিক তামৰঙা বিলৰ বজাৰত মাছৰ উজান

আজি উৰুকা ৷ বঙাইগাঁৱৰ ঐতিহাসিক তামৰঙা বিলৰ বজাৰত গ্ৰাহকৰ ভিৰ ৷ মাছ কিনিবলৈ ৰাইজৰ হেতা-ওপৰা ।

চাপৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে

মঙলবাৰে স্ফূৰ্টি (SFURTI) আঁচনিৰ দ্বাৰা ৯২ লাখ টকাৰে নিৰ্মিত চিএফচি চাপৰ মৃৎ শিল্প প্ৰকল্পৰ কাম শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে ।

চিৰাঙত ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ ইউনিফৰ্ম প্ৰদানৰ অভিযোগ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । চিৰাঙৰ ৩৭৪ নং গৰাইমাৰী জে বি বিদ‍্যালয়ত নিম্ন মানৰ ইউনিফৰ্ম দলিয়াই পেলালে অভিভাৱকে।

ভোগালী উৰুকা : উজান বজাৰৰ মাছ বজাৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ

উৰুকা উপলক্ষে মহানগৰীৰ বিখ্যাত উজান বজাৰতো গ্ৰাহকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ৷ ৰৌ, বৰালি, চিতল, ভকুৱাকে আদি কৰি থলুৱা মাছেৰে ভৰি পৰিছে বজাৰ । অৱশ্যে উজানবজাৰ মাছৰ বজাৰত এইবাৰ পূৰ্বৰ তুলনাত মাছৰ দাম সামান্য বৃদ্ধি পাইছে বুলি একাংশ গ্ৰাহকে মন্তব্য কৰিছে ৷

নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যৰ মাছৰ বজাৰ

উৰুকাত নগাঁও মীন বিভাগ আৰু জিলা প্ৰশাসনে ব্যৱস্থা কৰিলে সুলভ মূল্যৰ মাছৰ বজাৰ। নগাঁও মীন বিভাগৰ কাৰ্যালয়ৰ সমীপতে সুলভ মূল্যৰ মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে মীন বিভাগে । পুৱাৰ পৰাই মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰিছে গ্ৰাহকে ।

১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ক’ভিড-19ৰ প্ৰতিষেধক


গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে হেঙেৰাবাৰীৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়লৈ অনা হ’ল ক’ভিড-19ৰ ভেকচিন । ইতিমধ্যে শীতল ভৰালত ৰখা হৈছে ভেকচিন সমূহ । ১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন।

সন্তোষ পাণ্ডেৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

সন্তোষ পাণ্ডেৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত বৈজনাথ মাহাতো সহ আন ৭ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড ৷ উচ্চতম ন্যায়লয়ে ঘোষণা কৰিছে এই কথা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.