হঠাৎ নিবনুৱা হৈ পৰিল 900 গৰাকী শিক্ষক-কৰ্মচাৰী

author img

By

Published : Jun 1, 2022, 5:37 PM IST

হঠাৎ নিবনুৱা হৈ পৰিল ৰাজ্যৰ 900 গৰাকী শিক্ষক তথা কৰ্মচাৰী

আজিৰে পৰা নিবনুৱা হৈ পৰিল ৰাজ্যৰ 900 গৰাকী শিক্ষক তথা কৰ্মচাৰী (Many teachers and employees of the state become unemployed) ৷ বিগত 14 টা বছৰে সমাজৰ এক বিশেষ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত ব্ৰতী হৈ থকা এইসকল কৰ্মচাৰীৰ জীৱনলৈ নামিছে এতিয়া ঘোৰ অমানিশা ৷ উপায়ন্তৰ হৈ এইসকল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান, সৰ্বশিক্ষাৰ অধীনত কৰা কৰ্মৰ অভিজ্ঞতা আৰু যোগ্যতাৰ ভিত্তিত সকলোকে যেন সংস্থাপিত কৰাৰ ব্যৱস্থা কৰে ।

ৰঙিয়া, 1 জুন : আজিৰ পৰা কৰ্ম সংস্থাপন হেৰুৱাব লগা হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনত শিক্ষা সেৱা আগবঢ়াই থকা প্ৰায় 900 শিক্ষক-কৰ্মচাৰীয়ে (Many teachers and employees of the state become unemployed) । এই শিক্ষক-কৰ্মচাৰীসকল হৈছে সৰ্বশিক্ষাৰ অধীনস্থ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা 96 খন আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত নিয়োজিত হৈ থকা লোক । কান্দোনত ভাঙি পৰিছে এতিয়া এইসকল কৰ্মচাৰী ।

হঠাৎ নিবনুৱা হৈ পৰিল ৰাজ্যৰ 900 গৰাকী শিক্ষক তথা কৰ্মচাৰী

শিক্ষা বিভাগৰ এক নিৰ্দেশনা অনুসৰি ৰঙিয়াস্থিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষানুষ্ঠানখন বুধবাৰৰ পৰা বন্ধ হৈ পৰে ৷ উল্লেখ্য যে, বিগত 14 বছৰে শিক্ষা সেৱা আগবঢ়াই আহিছিল এই শিক্ষানুষ্ঠানখনে ৷ বৰ্তমান শিক্ষানুষ্ঠানখনৰ পৰা এপদ এপদকৈ সামগ্ৰীসমূহ নি থকাত শোকত ভাগি পৰিছে এতিয়া কৰ্মচাৰীসকল ।

বিগত 14 টা বছৰে সমাজৰ এক বিশেষ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত ব্ৰতী হৈ থকা এইসকল কৰ্মচাৰীৰ সন্মুখত এতিয়া অন্ধকাৰ ভৱিষ্যত । শিক্ষা বিভাগৰ এক নিৰ্দেশনা অনুসৰি কেন্দ্ৰটোৰ শিক্ষক-কৰ্মচাৰীয়ে বুধবাৰে কেন্দ্ৰটোৰ সকলো সাঁ-সজুলি বিভাগটোক ওভতাই দিব লগীয়া হৈছে ।

কিন্তু জীৱনৰ বহুমূলীয়া সময় শিক্ষা সেৱা আগবঢ়োৱাৰ পিছত কেন্দ্ৰটো এৰি যাবলৈ ওলোৱাত কান্দোনত ভাঙি পৰিছে সকলো কৰ্মচাৰী । কেন্দ্ৰটো এৰিবলৈ ওলোৱা এইসকল কৰ্মচাৰীয়ে এতিয়া নিজৰ পৰিয়াল পোহপাল দিয়াক লৈয়ো চিন্তিত হৈ পৰিছে । দীৰ্ঘদিন শিক্ষাদান কৰাৰ পিছত চৰকাৰে এই বিদ্যালয়সমূহ বন্ধ কৰি দিয়াত এইসকল শিক্ষক-কৰ্মচাৰী এতিয়া বিপাঙত পৰিছে ।

কি কৰিব, ক’লৈ যাব ? অশ্ৰুসিক্ত নয়নেৰে চৰকাৰলৈ আহ্বান এইসকল লোকৰ, সৰ্বশিক্ষাৰ অধীনত কৰা কৰ্মৰ অভিজ্ঞতা আৰু যোগ্যতাৰ ভিত্তিত সকলোকে যেন সংস্থাপিত কৰাৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক : এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত দ্বিবন ডেকাৰ জামিন নাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.