ETV Bharat / state

SFI Protest in Guwahati: প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এছ এফ আইৰ প্ৰতিবাদ

author img

By

Published : Mar 21, 2023, 11:04 PM IST

SFI Protest against SEBA
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এছ এফ আইৰ প্ৰতিবাদ

প্ৰশ্নকাকত ফাদিল ঘটনাই কঁপাইছে ৰাজ্য ৷ সোমবাৰৰ পৰা মহানগৰীৰ চচলত এছএফআই, অসম ৰাজ্যিক কমিটিয়ে উচ্চ পৰ্যায়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত আৰু শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ আৰু সচিবৰ পদত্যাগৰ দাবী উত্থাপন কৰি অনশন কাৰ্যসূচী হাতত লৈছে (SFI Protest against SEBA) ৷

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এছ এফ আইৰ প্ৰতিবাদ

গুৱাহাটী, ২১ মাৰ্চ: ৰাজ্যজুৰি প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উত্তেজনা মাৰ যোৱা নাই ৷ সোমবাৰে নিশাৰ পৰা উচ্চ পৰ্যায়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত আৰু শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ আৰু সচিবৰ পদত্যাগৰ দাবী উত্থাপন কৰি এছএফআই, অসম ৰাজ্যিক কমিটিয়ে চচলত অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে (SFI Protest against SEBA) ৷

এই কাৰ্যসূচীৰ পিচতে নিশাৰ ভাগত প্ৰতিবাদস্থলীতছেবাৰ উপ সচিবগৰাকীয়ে এছএফআই অনশনকাৰী সদস্যসকলক প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত পক্ৰিযা অব্যাহত থকা বুলি কৈ অনশন ভংগ কৰিবলৈ চেষ্টা কৰে যদিও আশ্বস্ত নহয় প্ৰতিবাদকাৰীসকল (SFI Protest in Guwahati)। প্ৰতিবাদকাৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে ৷ ইয়াৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ আৰ চি জৈন তথা সচিবৰ শীঘ্ৰ পদত্যাগৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে ৷

ছেবাৰ সংস্কাৰৰ এক ৰূপ ৰেখা প্ৰস্তুত কৰা আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত অত্যাচাৰ চলোৱা ধলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক তাৎক্ষণিক ভাৱে নিলম্বনৰো দাবী তোলে সংগঠনটোৱে (HSLC question paper leak) ৷

অনশনৰ দ্বিতীয় দিনাও এছ এফ আইয়ে হাতে হাতে, মহাত্মা গান্ধী, ভগত সিং, জ্যোতিপ্ৰসাদ আগৰৱালা আদিকে ধৰি কেইবাগৰাকীও ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰে । অনশনস্থলীত ভাগ লৈ এছ এফ আই, অসম ৰাজ্যিক কমিটি ৰ সভাপতি হৰ্ষজিৎ দাস আৰু সম্পাদক সংগীতা দাসে কয় যে, আমি CID আৰু CBI ৰ তদন্তত সন্তুষ্ট নহয় । যাৰ বাবে আমিএজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছো (SFI protest against HSLC paper leak) ।

তেওঁলোকে লগতে কয় যে, মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই এছ এফ আইয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক আশ্বস্ত কৰিব পৰাকৈ চৰকাৰে এতিয়ালৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল ৷ বৰং তুলুঙা আৰু পাতল কথা কৈয়ে বিষয়টো লঘু কৰিবলৈ প্ৰয়াস কৰা দেখা গ'ল । যাৰ ফলস্বৰুপে এছএফআই, অসম ৰাজ্যিক কমিটিয়ে অনশন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হয় ৷

লগতে পঢ়ক: Migratory birds bid adieu to Kashmir: গ্ৰীষ্মৰ আৰম্ভণিৰ লগে লগে কাশ্মীৰক বিদায় জনাইছে পৰিভ্ৰমী চৰায়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.