ETV Bharat / state

স্বনিয়োজনৰ বাট মোকলাই নিদৰ্শন দেখুৱাইছে ৱাচিম আক্ৰামে

author img

By

Published : Oct 7, 2020, 1:17 PM IST

নগৰখনৰ এনটি ৰোডত ৱাচিমে 'দা চিজলাৰ্চ' নামেৰে এখন সৰু হোটেল আৰম্ভ কৰে । গুণগত মানদণ্ডৰ নতুন নতুন সুস্বাদু খাদ্য পোৱা এই হোটেলখনে লাহে লাহে গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ আৰম্ভ কৰে ।

Wasim akram
Wasim akram

ৰঙিয়া,7 অক্টোবৰঃ কৰ'ণা ভাইৰাছৰ সংকটৰ বাবে দীৰ্ঘদিনীয়া লকডাউনত বহু লোকে জীৱিকা হেৰুওৱাব লগা হৈছে । কিন্তু ইয়াৰ বিপৰীতে এচাম কৰ্মঠ লোকে নতুনকৈ সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছে । তেনে এগৰাকী যুৱক হৈছে ৰঙিয়াৰ ৱাচিম আক্ৰাম । পঞ্চ তাৰকা হোটেলত মেনেজাৰ হিচাপে কাম কৰা ৱাচিমে লকডাউনৰ সময়ত নিজৰ চাকৰি হেৰুৱাব লগা হয় । কেইমাহমান ঘৰতে চাকৰিৰ অপেক্ষাত ৰৈ থকাৰ পিছতো কোনো সঁহাৰি নোপোৱাত নিজাববীয়াকৈ কিবা এটা কৰাৰ চিন্তা কৰে ৱাচিমে ।

স্বনিয়োজনৰ বাট মোকলাই নিদৰ্শন দেখুৱাইছে ৱাচিম আক্ৰামে

লগতে পঢ়কঃ ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ সদৌ অসম দেৱালয় সংঘ

পৰৱৰ্তী সময়ত নগৰখনৰ এনটি ৰোডত ৱাচিমে 'দা চিজলাৰ্চ' নামেৰে এখন সৰু হোটেল আৰম্ভ কৰে । গুণগত মানদণ্ডৰ নতুন নতুন সুস্বাদু খাদ্য পোৱা এই হোটেলখনে লাহে লাহে গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ আৰম্ভ কৰে । বিভিন্ন ৰাজ্যৰ পঞ্চ তাৰকা হোটেলত মেনেজাৰ হিচাপে কাম কৰা ৱাচিমে লকডাউনত সংস্থাপন হেৰুৱাৰ পিছতো এনেদৰে স্বাৱলম্বী হৈ এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.