Viral Video ই প্ৰাণ ল’লে স্কুলীয়া ছাত্ৰৰ

author img

By

Published : Sep 13, 2021, 9:04 PM IST

school-going-boy-suicides-for-a-viral-video

এটা ভাইৰেল ভিডিঅ’ৰ বাবেই এজন স্কুলীয়া ছাত্ৰই কৰিলে আত্মহত্যা ৷ জানো আহক কিয় কেনেকৈ ভিডিঅ’টোৰ বাবে জীৱন হেৰুৱালে যুৱকজনে ৷

ৰঙিয়া, 13 ছেপ্টেম্বৰ : এটা ভাইৰেল ভিডিঅ’( viral video )ৰ বাবেই ৰঙিয়াৰ এগৰাকী স্কুলীয়া ছাত্ৰই বাচি ল’লে আত্মহননৰ ( suicide of a school boy) পথ ৷ উক্ত ভাইৰেল ভিডিঅ’টোৰ সংক্ৰান্তত মিছাতে দাবী-ধমকি খাই ৰঙিয়াৰ উদিয়ানাৰ ছাত্ৰজনে এই চৰম সিদ্ধান্ত লোৱা বুলি অভিযোগ উঠিছে । ঘৰৰ পিছফালে গছত চিপ লৈ আত্মহত্যা কৰিলে ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে ।

Viral Video ই প্ৰাণ ল’লে স্কুলীয়া ছাত্ৰৰ

জানিব পৰা ঘটনা মতে, মাত্ৰ কিছুদিন পূৰ্বে নিহত ছাত্ৰ জনৰ বন্ধু আৰু এগৰাকী যুৱতীৰ এটি ভিডিঅ’ ভাইৰেল হৈছিল । ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে যুৱতী গৰাকীৰ আত্মীয়ই যুৱতীগৰাকীৰ সৈতে ভিডিঅ’টোত থকা বন্ধুজনৰ লগতে নিহত দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক বিভিন্ন ধৰণে দাবী ধমকি দিছিল । স্বাভাৱিকতেই এনে দাবী ধমকিৰ ফলত ছাত্ৰজন ভীতিগ্ৰস্ত হৈ পৰা বুলিও বহুজনে মন্তব্য প্ৰকাশ কৰিছে ৷

কিন্তু, জানিব পৰা মতে ভিডিঅ’টো ভাইৰেল কৰাত জড়িত নাছিল সম্প্ৰতি নিহত হোৱা ছাত্ৰজন । এই ঘটনাৰ পৰিপ্ৰেক্ষিততে হতাশ আৰু অপমানিত হৈ ছাত্ৰজনে এতিয়া এনে চৰম পন্থা বাছি লোৱা বুলি সম্প্ৰতি দুখ প্ৰকাশ কৰিছে নিহত ছাত্ৰজনৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : পাঁচ বছৰৰ মূৰত ঘৰলৈ উভতিব বাংলাদেশত আৱদ্ধ দৰঙৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.