ETV Bharat / state

ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Aug 28, 2019, 9:56 PM IST

অসম চৰকাৰৰ মৈত্ৰী প্ৰকল্পৰ অধীনত ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰঙিয়া, 28 আগষ্টঃ অসম চৰকাৰৰ মৈত্ৰী প্ৰকল্পৰ অধীনত ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো মঙলবাৰে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উদ্বোধনী উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ আৰক্ষী বাহিনীৰ শলাগ লয় আৰু সৎ নিষ্ঠাবান আৰক্ষী বাহিনীৰ ওপৰতেই সমাজৰ উন্নয়ন তথা সৰ্বাংগীন বিকাশ সম্ভৱ বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, দুৰ্যোগ প্ৰশমন মন্ত্ৰী ভৱেশ কলিতাকে ধৰি বহু কেইজন প্ৰশাসনিক বিষয়া ৷

আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Intro:ৰঙিয়া থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰাৰ বাবে ৰঙিয়াত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। Body:অসম চৰকাৰৰ 'মৈত্ৰী" প্ৰকল্পৰ অধীনত ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটি আজি শুভ উদ্ধোধন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱালে। উদ্বোধনী উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে উপস্থিত থাকে জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ভৱেশ কলিতা, লক্ষীমপুৰ সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা, মাননীয় মূখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শ্ৰীযুত শান্তনু ভড়াঁলী, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান শ্ৰীযুত কুলধৰ শইকীয়া, অসম আৰক্ষীৰ হাউচিং কৰ্পৰেচনৰ অধ্যক্ষ শ্ৰীযুত এ.কে. ঝা, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীযুত হৰমিৎ সিং, কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত শ্ৰীযুত কমল কুমাৰ বৈশ্য, কামৰূপ( গ্ৰাম্য) জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত পাৰ্থ সাৰথি মহন্ত, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি শ্ৰীযুত মুনীন্দ্ৰ বৰদলৈ, ৰঙিয়া মহকুমা আৰক্ষী বিষয়া শ্ৰী যুত কংকন কুমাৰ নাথ, ৰঙিয়া থানাৰ নাগৰিক সমিতিৰ উপাধ্যক্ষ শ্ৰীযুত লক্ষ্মীকান্ত মহন্ত, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত প্ৰাঞ্জল বৰুৱা প্ৰমূখ্যে ৰঙিয়া মহকুমাৰ বহু গণ্য- মান্য লোক তথা ৰাইজ। প্ৰথমে গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰাৰ পিছত মুখ‍্যমন্ত্ৰীয়ে বৃক্ষৰোপণ কৰে। তাৰপিছত বন্তিপ্ৰজ্বলন কৰি উঠি ফিটা কাটি ৰঙিয়া থানাৰ নৱ নিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰে তেওঁ। মাত্ৰ তিনিদিন পিছত অৱসৰ লব ওলোৱা ৰঙিয়াৰ সু সন্তান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰীযুত কুলধৰ শইকীয়াই শৈশৱৰ স্মৃতি ৰোমণ্ঠন কৰি আৰক্ষী বিষয়া সকলক কৰ্তব্য নিষ্ঠ হবলৈ আহ্বান জনায়
লগতে ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই ভাষণ প্ৰসংগত আহা চেপ্তেম্বৰ মাহৰ ভিতৰত আৰম্ভণি কৰিব লগীয়া সাম্ভাব্য নগৰ পানীযোগান আঁচনি খনৰ বিষয়ে ঘোষণা কৰে। আনহাতে মুখ‍্যমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী আৰক্ষীকেই দক্ষ, যোগ‍্য আৰু পাকৈত কৰি তুলিব লাগিব। আৰক্ষীৰ লক্ষ‍্য হ'ব লাগিব জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা।
আৰক্ষী যিমান সৎ আৰু নিষ্ঠাবান হ'ব, জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব; তেতিয়াহে ৰাইজে উন্নতমানৰ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.