ৰঙিয়াত ৰাইজৰ দলৰ প্ৰতিবাদী সমদল

author img

By

Published : Sep 21, 2022, 11:11 AM IST

Protest rally by raijor dol in Rangia

ৰঙিয়াত ৰাইজৰ দলৰ প্ৰতিবাদী সমদল (Protest rally by raijor dol in Rangia)। বিভিন্ন দাবীৰ সমৰ্থনত দলটোয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ৰঙিয়া,21 ছেপ্টেম্বৰ: ৰঙিয়াত ৰাইজৰ দলৰ প্ৰতিবাদী সমদল(Protest rally by raijor dol in Rangia) । কৃষি ভূমিৰ সুৰক্ষা, বিদ্যুৎ মাচুল বৃদ্ধি ৰদ কৰাকে ধৰি কেইবাটাও দাবী উত্থাপনেৰে ৰঙিয়াৰ উৰণীয়া সেঁতুৰ সমীপৰ পৰা সমদল উলিয়ালে ৰাইজৰ দলৰ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে ।

কৃষিভূমিৰ অনাকৃষি খণ্ডলৈ হস্তান্তৰ বন্ধ, খেতিয়কৰ দখলত থকা সকলো শ্ৰেণীৰ মাটিত সংশ্লিষ্ট খেতিয়ক পৰিয়ালৰ লোকক পট্টা দিয়া আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । লগতে বিদ্যুৎ মাচুল বৃদ্ধিৰ যোগেৰে ৰাজ্য আৰু ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধোৱা প্ৰসংগতো দলটো সৰৱ হোৱা পৰিলক্ষিত হয় (Excessive increase in electricity tariffs) ৷

ৰাজ্যবাসীৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান বিধ্বস্ত । চৰকাৰে প্ৰতিদিনে দেশী-বিদেশী বিত্তীয় প্ৰতিস্থানৰ পৰা অভাৱনীয় হাৰত গ্ৰহণ কৰি আছে হেজাৰ হেজাৰ কোটি টকা ধাৰ বুলি উল্লেখ কৰাৰ লগতে প্ৰতিগৰাকী অসমবাসীৰ মূৰত ৩৬,০০০ টকাৰ ধাৰ বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় । এই কৰৰ বোজা ববলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে জি এচ টিৰ যোগেদি ।

এতিয়া আকৌ ভূতৰ ওপৰত দানহ পৰাদি মানুহক বাধ্য কৰোৱা হৈছে অভাৱনীয়ভাৱে বৃদ্ধি হোৱা বিদ্যুত মাচুল আদায় দিবলৈ । স্মার্ট মিটাৰৰ কেৰামতিৰে মানুহক মূর্খ সজাই বিজুতি পূর্ণ মিটাৰ স্থাপনেৰে বিদ্যুৎ বিভাগ আৰু APDCL এ ৰাইজৰ পৰা বক্ৰপথেৰে ধন সৰকাইছে বুলি বিভাগটোৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে দলটোৱে । গতিকে বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ স্থাপন বন্ধ কৰাৰ লগতে বৰ্ধিত বিদ্যুৎ মাচুল ৰদ কৰাৰ বাবে দাবী জনায় দলটোৰ সভাপতি হৰেশ্বৰ বৰ্মনে ।

ৰঙিয়াত ৰাইজৰ দলৰ প্ৰতিবাদী সমদল

প্ৰতিবাদী সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে ৰঙিয়া ৰাজহ চক্ৰত উপস্থিতি হৈ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে(Rangia Circle office) ।

লগতে পঢ়ক: শিক্ষকৰ প্ৰতিবাদত কঁপিল ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.