ETV Bharat / state

Police operation against drugs: আৰক্ষীৰ জালত বহুকেইজন সৰবৰাহকাৰী

author img

By

Published : Jun 3, 2022, 8:53 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি আৰম্ভ হোৱা ড্ৰাগছ বিৰোধী অভিযান বৰ্তমানো অব্যাহত আছে(Assam police against drugs) । বিগত দিনসমূহৰ দৰে বৃহস্পতিবাৰে নিশাও চলিল ড্ৰাগছ বিৰোধী অভিযান(Anti-drug campaign continues) । জালত পৰিল বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰী ।

Police operation against drugs
ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযান: আৰক্ষীৰ জালত বহুকেইজন

নিউজ ডেস্ক,৩ জুন: ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোহোৱা অংক হৈ পৰিছে(Assam police against drugs) ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ শেহতীয়াকৈ বৃহস্পতিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্ত চলোৱা ড্ৰাগছবিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিল কেইবাটাও সৰবৰাহকাৰী । জব্দ কৰা হ'ল বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।

অৱশ্যে এইবাৰ ড্ৰাগছবিৰোধী অভিযানত সৰিয়হৰ ডুলিতে ওলাল ভূত । ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰেলৱে আৰক্ষীৰ এজন গৃহৰক্ষী জোৱান (railway police home guard jawan arrested with drugs) । বৃহস্পতিবাৰে নিশাৰ ভাগত লামডিং ৰে'ল জংচনত সাধাৰণ জনতাৰ হাতত ধৰা পৰিল গৃহৰক্ষীৰ জোৱানজন । লামডিঙৰ ইটাভাটা চাৰিআলি পঞ্চায়তৰ এ পি অঞ্জুৰাণী দাস নামৰ এগৰাকী সাহসী মহিলাৰ তৎপৰতাত ৰাইজে ড্রাগছসহ গৃহৰক্ষীৰ জোৱান পদুম দাসক আটক কৰে ।

প্ৰথমে ইটাভাটা চাৰিআলিত জোৱানজনৰ হাতত চাবোনৰ বাকচ প্ৰত্যক্ষ কৰাত সন্দেহ ওপজে অঞ্জুৰাণী দাস নামৰ মহিলাগৰাকীৰ । সেই সন্দৰ্ভত জোৱানজনক সোধাত মহিলাগৰাকীক প্ৰহাৰ কৰি পলাবলৈ চেষ্টা কৰে ধৃত পদুম দাসে । অঞ্জুৰাণী দাসে চিঞৰ-বাখৰ কৰাত অঞ্চলটোৰ ৰাইজে গৃহৰক্ষীৰ জোৱানজনক আটক কৰি লামডিং আৰক্ষীক গতাই দিয়ে । পৰৱৰ্তী সময়ত আটকাধীন জোৱানজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬.৬২ গ্রাম ওজনৰ সন্দেহজনক ব্রাউন ছুগাৰ ।

ইফালে ড্ৰাগছসহ ৰঙিয়া আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰহৰাহকাৰী । আটকাধীন সৰবৰাহকাৰীটোৰ নাম আব্দুল বাছিৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বালাগাঁৱৰ পৰা আব্দুল বাছিৰক আটক কৰে । অভিযান কালত আৰক্ষীৰ দলটোৱে ৬.৪৫ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন সহ AS 25T 5009 নম্বৰৰ এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয় ।

ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে লখিমপুৰতো পোহৰলৈ আহিছে এক ভয়ংকৰ দৃশ্য । লখিমপুৰৰ ডিজু এলেকাত সুলভ হৈ পৰিছে ড্ৰাগছৰ বেহা । ড্ৰাগছ আসক্তই বিনাদ্বিধাই মুকলিকৈ গ্ৰহণ কৰিছে ড্ৰাগছ(Open consumption of drugs at Diju in Lakhimpur) । মুকলিকৈ ড্ৰাগছ গ্ৰহণৰ ঘটনাই কঁপাই তুলিছে সচেতন জনতাৰ বুকু ।শীঘ্ৰেই এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: মহানগৰবাসীক খোৱাপানীৰ যোগানৰ নামত বোকাপানী যোগান পৌৰ নিগমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.