ETV Bharat / state

কমলপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

author img

By

Published : May 28, 2021, 1:02 PM IST

কমলপুৰ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বাইহাটা চাৰিআলি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা দুটা চোৰক আটক কৰিবলৈ সক্ষম হয় ৷

kamlpur-police-arrested-2-thief
কমলপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

বাইহাটা, 28 মে’ : কমলপুৰ আৰক্ষীৰ জালত পৰিল দুই গভাইত চোৰ । দীৰ্ঘদিনে বাইহাটা চাৰিআলি অঞ্চলত নিশাৰ ভাগত ৰখাই থোৱা বাহনৰ পৰা বেটাৰী চুৰি কৰাৰ লগতে বিভিন্ন বিদ্যালয়ত চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দুই চোৰে । মঙলবাৰে কমলপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মুলজিম আলী (২৬) নামৰ চোৰ এটা আটক কৰিবলৈ সক্ষম হয় ।

কমলপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

আনহাতে, মুলজিম আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুবুজান আলী(২৮) নামৰ অন্য এটা চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । আৰক্ষীয়ে চোৰ দুটাক আটক কৰাৰ লগতে চুৰি কৰি নিয়া কিছু সংখ্যক মটৰ পাম্প আৰু বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আটকাধীন চোৰ দুটাৰ ঘৰ ৰঙিয়া থানাৰ অন্তৰ্গত বৰ লেচাকোনা আৰু আঠাৰা গাঁৱত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : নাহৰকটীয়াত ৫.৫ গ্ৰাম হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.