ETV Bharat / state

কলিয়াবৰত গৰুৰ চোৰাং সৰবৰাহ কৰা বাহন জব্দৰ লগতে তিনিজনক আটক

author img

By

Published : Apr 24, 2021, 7:17 PM IST

কলিয়াবৰত আটক কৰা হয় চোৰাংকৈ গৰু সৰবৰাহ কৰা এখন ট্ৰাক ৷ 30টাকৈ পশুধন সহ তিনিজনকৈ লোকক আটক কৰে বাগৰি আৰক্ষীয়ে ৷

কলিয়াবৰত জব্দ চোৰাং গৰু সৰবৰাহ কৰা বাহন
কলিয়াবৰত জব্দ চোৰাং গৰু সৰবৰাহ কৰা বাহন

কলিয়াবৰ,24এপ্ৰিল: কৰ'নাৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ । শনিবাৰে কলিয়াবৰত জব্দ হয় অবৈধভাবে গৰুৰ সৰবৰাহ কৰা এখন বাহন । জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বাগৰি টহলদাৰী আৰক্ষী চকীৰ সন্মুখতে আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি চোৰাং বাহনখন, য'ত আছিল ৩০টাকৈ পশুধন ৷

বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে এক অভিযান চলাই অবৈধভাবে গৰু কঢ়িয়াই অনা এএছ-২৩-বিচি-৫২৯৯ নম্বৰৰ বাহনখন বাগৰি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । অভিযান কালত চালক-হেণ্ডিমেন সহ বাহাৰুল ইছলাম, ৰফিকুল আলি আৰু ছাত্তাৰ আলি নামৰ তিনিজনকৈ লোককো আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন লোককেইজনে উদ্ধাৰ হোৱা গৰুখিনি গুৱাহাটীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীৰ আগত মন্তব্য কৰে ৷ বৰ্তমান অধিক তথ‍্যৰ বাবে জখলাবন্ধা আৰক্ষী নিৱেশত আটকাধীন তিনিওকে জেৰা অব্যাহত ৰাখিছে ৷

অন্য এক খবৰৰ বাবে: হেপ্পী বাৰ্থডে শচীন তেণ্ডুলকাৰ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.