আকাশলংঘী মূল্যবৃদ্ধিয়ে প্ৰভাৱিত কৰিছে মিঠাইৰ ব্যৱসায়ীক

author img

By

Published : Oct 13, 2021, 1:48 PM IST

high prices affect sweet traders

সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সম্প্ৰতি মাধমাৰ শোধাইছে জনতাৰ মূৰত ৷ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ওপৰতো ৷ যাৰ বাবে পূজাৰ বতৰত মিঠাই কিনিবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ অত্যাধিক হাৰত বৃদ্ধি পাইছে মিঠাইৰ দাম ৷

ৰঙিয়া, 13 অক্টোবৰ : উৎসৱৰ বতৰত মিঠাই খোৱাৰ আনন্দই সুকীয়া । কিন্তু এতিয়া বহু লোক কম-বেছি পৰিমাণে বঞ্চিত হ’ব এই আনন্দৰ পৰা । কিয়নো সকলো ধৰণৰ বস্তুৰ আকাশলংঘী মূল্যই প্ৰভাৱান্বিত কৰিছে মিঠাইৰ ব্যৱসায়িক ক্ষেত্ৰখনক । ব্যতিক্ৰম নহয় ৰঙিয়াতো ।

high-prices-affect-sweet-traders
আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে প্ৰভাৱিত কৰিছে মিঠাইৰ ব্যৱসায়ীক

ৰঙিয়াত পেট্ৰ’লৰ মূল্যই চেঞ্চুৰী মৰাৰ নিচিনাকৈ পূজাৰ মিঠাইয়েও মাৰিছে চেঞ্চুৰী । জিলাপী, খুৰমা আদি নানা তৰহৰ মিঠাইৰ মূল্য হৈছেগৈ প্ৰতি কিল’গ্ৰামত ১৪০ টকা । ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে, মিঠাই প্ৰস্তুত কৰা বস্তুৰ দাম অত্যাধিক বৃদ্ধি হোৱাৰ বাবেই বঢ়াব লগা হৈছে মিঠাইৰ দাম ।

আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে প্ৰভাৱিত কৰিছে মিঠাইৰ ব্যৱসায়ীক

মিঠাইৰ দাম বঢ়াৰ বাবেই বহুতে মিঠাই কিনিবলৈ নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে । যাৰ ফলত মিঠাই ভালপোৱাৰ পিছতো ক্ৰেতাৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে । কোনোৱে যদি আগতে এক কেজি মিঠাই কিনিছিল, এতিয়া কিন্তু আধা কেজি মিঠাই লৈয়েই ঘৰলৈ উভতিছে । চ’ৰা দামে পূজাৰ মিঠাই খোৱাৰ আনন্দ কিছু পৰিমাণে ম্লান পেলাইছে ।

লগতে পঢ়ক : মহা অষ্টমীত জনসমুদ্ৰত পৰিণত বুঢ়ী গোঁসানী দেৱালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.