ETV Bharat / state

ৰঙিয়াত বান পৰিদৰ্শন কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Jun 18, 2022, 1:05 PM IST

ৰঙিয়াত বানাক্ৰান্তৰ কাষত শণিবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM visited flood area in Rangia)৷ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ৰঙিয়াত বান পৰিদৰ্শন কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
cm visited flood area in Rangia

ৰঙিয়া, 18 জুন : ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে বান পৰিস্থিতি (Flood in Rangia) । ৰঙিয়াত বানাক্ৰান্তৰ কাষত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ৰঙিয়াৰ ফাতিমা কনভেন্ট স্কুলৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে (CM visited flood area in Rangia) ৷

cm visited flood area in Rangia

ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ আগত কান্দি কান্দি বানাক্ৰান্ত লোকসকলে সাহাৰ্যৰ নামত দুৰ্নীতি হোৱাৰ কথা অৱগত কৰে ৷ বানাক্ৰান্তৰ নামত অহা সাহাৰ্য আৰু টিৰপাল বিতৰণৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে ৷

পৰিদৰ্শনৰ সময়ত সংবাদমাধ্যমক মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে চৰকাৰী সমীক্ষা অনুসৰি 28 খন ৰাজ্য বানত বুৰ গৈছে ৷ আনহাতে ৰঙিয়া ৰাজহ চক্ৰত ৫০,২৪২ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫৯৪ হেক্টৰ কৃষিভূমি বানপানীৰ কবলত পৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ২০জুনৰ পিছত ৰাজ্যত বৰষুণৰ পৰিমাণ কমিলে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিব বুলি আশা প্ৰকাশ কৰে ৷ বানাক্ৰান্তক দুঘণ্টাৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ সাহায্য আগবঢ়োৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্তীগৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ ৰঙিয়াৰ পৰা ভূটানৰ লগত সংলগ্ন পথটো নিৰ্মাণৰ লগতে মথাউৰি বন্ধাৰ আঁচনি লোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ এই বিপৰ্যয়ৰ সময়ত বানাক্ৰান্তৰ সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাবাহিনীক যিকোনো মুহুৰ্তত প্ৰয়োজন হোৱাকৈ সাজু কৰি ৰখা হৈছে বুলি শৰ্মাই জনায় ৷

আনহাতে শনিবাৰে পুৱা 6 বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত বান সমস্যাৰ কথা পতাৰ কথা অৱগত কৰে ৷ অসমত বানাক্ৰান্তৰ সাহাৰ্যৰ লগতে ক্ষতিগ্ৰস্তসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰটো কেন্দ্ৰৰ ফালৰ সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক: বানপানীতনো আমি কি কৰিম, এতিয়া আমি বৰষুণ কমিবলৈ খাতিব লাগে: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.