ETV Bharat / state

লাভ জেহাদৰ ফলত ৰঙিয়াত যুৱতীৰ আত্মহত্যা

author img

By

Published : Dec 6, 2021, 12:47 PM IST

দেওবাৰে লাভ জেহাদৰ অভিযোগত ৰঙিয়া থানা ঘেৰাও কৰিলে বজৰংগ দলে(Bajrang Dal protest in front of Rangia Police Station) ৷ সামাজিক মাধ্যমত নাম, ঠিকনা সলনি কৰি প্ৰেমৰ জাল পেলাই এচাম লোকে প্ৰৱঞ্চনা কৰি আহিছে বহু কিশোৰী-যুৱতীক ৷ সময়ে সময়ে এনে ঘটনাত লাভ জেহাদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ এনে এক চাঞ্চল্যকৰ ঘটনাই সংঘটিত হ’ল এইখন অসমত ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

Bajrang Dal protest in front of Rangia Police Station
লাভ জিহাদাৰ ফলত ৰঙিয়াত যুৱতীৰ আত্মহত্যা

ৰঙিয়া, 6 ডিচেম্বৰ : একোখন চাচপেঞ্চ থ্ৰীলাৰ হিন্দী চিনেমাত হয়তো আপুনি প্ৰায়েই এটা সংলাপ শুনে, ''নাম বদলনে ছে, ইনছান নেহী বদলতা'' ৷ ঠিকেই নাম সলনি কৰিলেই সলনি নহয় মানুহ ৷ তথাপিও প্ৰায়েই দেখা যায় সামাজিক মাধ্যমত বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এচাম লোকে ভুৱা পৰিচয় ব্যৱহাৰ কৰে ৷ ইয়াৰ এচাম লোকে নাম, উপাধি সলনি কৰি প্ৰেমৰ জালত পেলাবলৈ কিশোৰী, যুৱতীক লক্ষ্য কৰি লয় ৷

এইবাৰ লাভ জেহাদৰ অভিযোগত দেওবাৰে ৰঙিয়া থানা ঘেৰাও কৰিলে বজৰংগ দলে(Bajrang Dal protest in front of Rangia Police Station) ৷ ফলত ৰঙিয়াত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি মৃত যুৱতী গৰাকীক ৰঙিয়াৰ মৰাণজানাৰ ৰুহুল আমিন নামৰ যুৱক এজনে ভুৱা পৰিচয়েৰে নিজৰ নাম শংকৰ শৰ্মা বুলি কৈ প্ৰেমৰ জালত ফচাইছিল ।

ৰঙিয়াত যুৱতীৰ আত্মহত্যা

পৰিণতিত এই প্ৰেমৰ কিছুদিন পিছৰে পৰা যুৱকজনে ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে যুৱতী গৰাকীক । ফলত সেই চাপ সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'ব লগা হয় ৷

ঘটনা সংঘটিত হোৱাৰ পাচতে পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীৰ কাষ চাপে ৷ লগতে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ কিন্তু এই ঘটনাৰ 7 দিন অতিক্ৰম কৰাৰ পাচতো ৰঙিয়া আৰক্ষীয়ে গ্ৰহণ নকৰিলে কোনোধৰণৰ পদক্ষেপ ৷

ফলত ক্ষোভিত হৈ পৰে অঞ্চলবাসীৰ লগতে বজৰংগ দল ৷ সেয়ে দেওবাৰে ৰঙিয়া আৰক্ষী থানা ঘেৰাও কৰি বজৰংগ দলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে অনতিপলমে অপৰাধীক গ্ৰেপ্তাৰ কৰি শাস্তি বিহাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : মৌলবাদী সংগঠনৰে কি সম্পর্ক নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.