ETV Bharat / state

New Bollywood Movie Pathan : বিতৰ্কক নেওচি আগতীয়াকৈ ক্ৰয় কৰিলে পাঠানৰ টিকট

author img

By

Published : Jan 22, 2023, 2:17 PM IST

Purchase of advance tickets for Pathan film in Rangia
ৰঙিয়াত আগতীয়াকৈ ক্ৰয় কৰিলে প্ৰথম দিনাৰ প্ৰথম দৰ্শনীৰ ১৯২ টা টিকট

বিতৰ্কয়ো যেন ৰোধিব পৰা নাই পাঠানক । শ্বাহৰুখ খানৰ মুক্তি পাবলগীয়া ছবি পাঠানকলৈ তীব্ৰ বিতৰ্ক চলি থকাৰ মাজতে ৰঙিয়াত এজন আগতীয়াকৈ ক্ৰয় কৰিলে প্ৰথম দিনাৰ প্ৰথম দৰ্শনীৰ ১৯২ টা টিকট (Advance tickets for Pathan film in Rangia) ।

ৰঙিয়াত আগতীয়াকৈ ক্ৰয় কৰিলে প্ৰথম দিনাৰ প্ৰথম দৰ্শনীৰ ১৯২ টা টিকট

ৰঙিয়া, ২২ জানুৱাৰী: দেশ-বিদেশত বহুল চৰ্চিত আৰু বহু বিতৰ্কিত ছবি পাঠান (Bollywood new Movie Pathan) । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে পাঠান বিতৰ্কৰ শিখৰত উঠিছে অসমত । ইয়াৰ মাজতে দেখা গ'ল এখন বিপৰীত ছবি (Pathan controversy news) । এফালে পাঠানক লৈ তীব্ৰ বিতৰ্ক আনফালে শ্বাহৰুখ খান অভিনীত ছবি পাঠানলৈ অনুৰাগীৰ ব্যাপক সঁহাৰি । যি সময়ত পাঠানক নিষিদ্ধ ঘোষণা কৰি উগ্ৰ হিন্দুত্ববাদী সংগঠনে অসমত পাঠানৰ বেনাৰ পোষ্টাৰ ফালি (Bajrang Dal members burnt Pathan poster) ছবিগৃহত তাণ্ডৱ চলাইছে সেই সময়তে ৰঙিয়াত অনুৰাগীয়ে আগতীয়াকৈ ক্ৰয় কৰিলে পাঠানৰ ১৯২ টা টিকট (Purchase of advance tickets for Pathan film in Rangia) ।

শ্বাহৰুখ খান অভিনীত পাঠান বোলছবি খনৰ বিষয়ে চৌদিশে বিতৰ্ক হৈ থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোনাৰ এগৰাকী অনুৰাগীয়ে ৰঙিয়াৰ ডিলাইট গোল্ড চিনেমা হলৰ ১৯২ টা টিকট ক্ৰয় কৰে । অনুৰাগীগৰাকী হৈছে ৰঙিয়াৰ কেন্দুকোনা নিবাসী ফাৰুক খান । টিকটসমূহ ক্ৰয় কৰি শ্বাহৰুখ খানৰ অনুৰাগী গৰাকীয়ে উৎফুল্লিত হৈ কয় যে বহুদিনৰ মূৰত শ্বাহৰুক খানক পুনৰ ৰূপালী পৰ্দাত দেখিবৈ পোৱা যাব ।

কোনোবাই প্ৰতিবাদ কৰিলে বা বয়কট কৰিলেও তেওঁলোকে শ্বাহৰুক খানক চাবলৈ যাবই । তেখেতে নিজৰ লগতে পৰিয়াল বৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে চিনেমাখন উপভোগ কৰিব বুলি মত প্ৰকাশ কৰে । চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম প্ৰদৰ্শনীৰ টিকট সমুহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগী ফাৰুক খান । উল্লেখযোগ্য যে প্ৰায় চাৰি বছৰৰ মুৰত বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পুনৰ ৰূপালী পৰ্দাত ভুমুকি মাৰিবলৈ ওলাইছে ।

ইতিমধ্যে বোলছবিখনৰ এটা গীতে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি কৰিছিল । কেতবোৰ হিন্দুত্ববাদী সংগঠনে ইতিমধ্যে চিনেমাখন বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটীৰ চিত্ৰগৃহত 'পাঠান' ছবিখনৰ পোষ্টাৰ লগোৱাক কেন্দ্ৰ কৰি বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছবিগৃহত আক্ৰমণ কৰিছিল(Bajrang Dal Protest Against Pathaan) । আনহাতে এই সন্দৰ্ভত শনিবাৰে সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছিল ।

লক্ষণীয়ভাৱে শনিবাৰে নিশা 2 বজাত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ফোনযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰে । টুইটাৰযোগে এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Shahrukh Khan called CM Himanta Biswa Sarma) ৷ লগতে আইন আৰু শৃংখলা বজাই ৰখাৰ লগতে অনাগত সময়ত এনে কোনো অপ্ৰীতিকৰ ঘটনা যাতে নহয়, তাৰ অনুসন্ধান কৰাৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Shahrukh Khan called CM: নিশা দুই বজাত হঠাৎ হিমন্ত বিশ্ব শৰ্মালৈ শ্বাহৰুখ খানৰ ফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.