ETV Bharat / state

মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন অগপ নেতা ডাঃ কমলাকান্ত কলিতা

author img

By

Published : Oct 19, 2021, 7:47 AM IST

agp-leader-kamala-kanta-kalita-worried-about-price-hike
মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন অগপ নেতা কমলাকান্ত কলিতা

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(Price Hike)ক লৈ চিন্তিত অগপ(AGP) দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলাকান্ত কলিতা(Kamala Kanta Kalita) ৷ কিন্তু ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দায়ী নহয় বুলি একপ্ৰকাৰ মন্তব্য কৰে অগপ নেতাগৰাকীয়ে ৷

ৰঙিয়া, 19 অক্টোবৰ : দেশৰ সমান্তৰালকৈ ৰাজ্যত উচ্চহাৰত চলি থকা অত্য়াৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(Price Hike)ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি(BJP) দলৰ মিত্ৰদল অসম গণ পৰিষদ(AGP)ৰ নেতাই ৷ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে অগপ ৷ সোমবাৰে ৰঙিয়াত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলাকান্ত কলিতা(Kamala Kanta Kalita)ই ৷

ৰাইজৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় অগপ নেতাগৰাকীয়ে ৷ লগতে ইন্ধনজাতীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ কয় যে, তেলৰ দাম বৃদ্ধিৰ বিষয়টোত ৰাজ্য চৰকাৰৰ কোনো হাত নাই ৷ ইয়াৰ মাজতে সাংবাদিকে ভূটানত পেট্ৰ’লৰ মূল্য ভাৰতৰ তুলনাত আধাতকৈও কম বুলি কোৱা প্ৰসংগত কমলাকান্ত কলিতাই কয় যে, অসমৰ অৱস্থা ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত যথেষ্ট উন্নত । কাৰণ দিল্লী, মুম্বাইৰ দৰে ঠাইত পেট্ৰ’লৰ মূল্য অসমতকৈ 7 টকা বেছি ।

মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন অগপ নেতা ডাঃ কমলাকান্ত কলিতা

আনহাতে, সমাগত ৰাজ্যৰ উপ নিৰ্বাচন(By Election)ত অগপ দলটোৰ এগৰাকীও প্ৰাৰ্থী নথকা সন্দৰ্ভত দলটোৰ জ্যেষ্ঠ নেতা গৰাকীয়ে কয় যে, ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ৰ মিত্ৰজোঁটৰ বৰ্তমানৰ প্ৰাৰ্থীগৰাকীক অগপ দলৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কোৱা হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ৷

ইয়াৰ পূৰ্বেও ভৱানীপুৰৰ বাহিৰে বাকী সমষ্টি কেইটাত অগপৰ প্ৰাৰ্থী নাছিল ৷ গতিকে এটা সমষ্টিৰ বাবে দলটোৱে টনা-আঁজোৰা নকৰা বুলি মন্তব্য কৰে কলিতাই ৷ উল্লেখ্য যে, উপ-নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা উক্ত সভাখনত ডাঃ কমলাকান্ত কলিতাৰ সৈতে উপস্থিত থাকে অগপ দলৰ উপ সভাপতি দিলীপ পাটগিৰি, কমলপুৰ সমষ্টি(Kamalpur Constituency)ৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু দলটোৰ বহুকেইগৰাকী কৰ্মকৰ্তা ৷

লগতে পঢ়ক : নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বজাৰলৈ আনিছে কঙালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.