ETV Bharat / state

ন্যায় বিচাৰি পুনৰ ৰাজপথত নামিল এবিএমছু

author img

By

Published : Aug 1, 2021, 2:20 PM IST

পুনৰ ৰাজপথত নামিল এবিএমছু । এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি ৰঙিয়া-গোৰেশ্বৰ পথৰ ধেপাৰগাঁৱত উত্তাল প্ৰতিবাদ । তিনিটা বছৰে হত্যাকাৰীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰাৰ প্ৰতিবাদত সমগ্ৰ বি টি আৰৰ প্ৰতিখন গাঁৱত লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি আৰু হত্যাকাৰীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

abmsu protest at rangia
ন্যায় বিচাৰি পুনৰ ৰাজপথত নামিল এবিএমছু

ৰঙিয়া,1 আগষ্ট : পুনৰ প্ৰতিবাদত উত্তাল ৰঙিয়া ৷ এইবাৰ ৰাজপথ উত্তাল কৰিলে এবিএমছুৱে ৷ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদকৰ হত্যাকাণ্ডক লৈ পুনৰ উত্তাল হৈ পৰিল ৰাজপথ ৷

উল্লেখ্য যে, ২০১৭ চনৰ ১ আগষ্টৰ আজিৰ দিনটোতে কোকৰাঝাৰ চহৰত দিন দুপৰতে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক হত্যা কৰিছিল । কিন্তু বিগত তিনি বছৰে ন্যায়ৰ আশাত পনবন্দী পৰিয়ালৰ লোক ৷ তিনিটা বছৰ অতিক্ৰম কৰাৰ পাচতো দোষীক উলিয়াব নোৱাৰিলে ৰাজ্যৰ প্ৰশাসনে ৷

যাক লৈ ক্ষোভিত হৈ পৰিছে এবিএমছু ৷

ন্যায় বিচাৰি পুনৰ ৰাজপথত নামিল এবিএমছু

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বাবে IITG আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উমৈহতীয়া প্ৰচেষ্টা

ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে ৰঙিয়া-গোৰেশ্বৰ পথৰ ধেপাৰ গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে এ বি এমছুৰ সদস্য সকলৰ লগতে বহু ৰাইজে ৷ ধেপাৰগাঁৱত শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে' কাৰ্ড লৈ লাফিকুল ইছলাম হত্যাৰ বিচাৰ কৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, বিটিচি প্ৰধান প্ৰমোদ বড়ো মুর্দাবাদ, চি বি আইৰ তদন্ত ৰাজহুৱা কৰক, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বি জে পি চৰকাৰ গ' বেক, এ বি এমছু জিন্দাবাদ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে । ইফালে লাফিকুল ইছলামৰ হত্যাৰ ন্যায়ৰ দাবীত আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি এবিএমছুয়ে হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: সময়ৰ আগত চলা সময় "বাগান টাইম"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.