গৰুখুটিৰ উচ্ছেদৰ সন্দৰ্ভত প্ৰবীণ সাংবাদিক কনকসেন ডেকাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 25, 2021, 4:01 PM IST

veteran journalist kanaksen deka react on garukhuti eviction

প্ৰবীণ সাংবাদিক কনকসেন ডেকাই গৰুখুটি উচ্ছেদৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ই টিভি ভাৰতক কয়, প্ৰথমে চৰকাৰে স্পষ্ট কৰা উচিত, উচ্ছেদ কৰা এই লোকসকল প্ৰকৃত ভাৰতীয় নাগৰিক নে বিদেশী নাগৰিক ।

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: গৰুখুটিত যিসকল লোকক উচ্ছেদ কৰা হ'ল, সেইসকল লোক ভাৰতীয় নে বিদেশী নাগৰিক ? এই কথা চৰকাৰখনে স্পষ্ট কৰা উচিত । প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাৰ মন্তব্য এয়া । দৰং জিলাৰ ধলপুৰ গৰুখুটিত প্ৰশাসনে চলোৱা উচ্ছেদৰ ঘটনাই কেউদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অসমটো বাদেই, বিদেশতো বিভিন্ন চক্ৰই নিজা নিজা অভিপ্ৰায়েৰে এই উচ্ছেদৰ বিষয়ে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে ।

প্ৰবীণ সাংবাদিক কনকসেন ডেকাই এই উচ্ছেদৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ই টিভি ভাৰতক কয়, প্ৰথমে চৰকাৰে স্পষ্ট কৰা উচিত, উচ্ছেদ কৰা এই লোকসকল প্ৰকৃত ভাৰতীয় নাগৰিক নে বিদেশী নাগৰিক । যদি তেওঁলোক বিদেশী নাগৰিক তেন্তে গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, কেনেকৈ তেওঁলোকে সেই ঠাইত বসতি স্থাপনৰ সুযোগ পালে ? সেয়া চৰকাৰৰ গাফিলতি আৰু অকৰ্মন্যতাৰ বাবেহে সম্ভৱ হ'ল ।

গৰুখুটিৰ উচ্ছেদৰ সন্দৰ্ভত প্ৰবীণ সাংবাদিক কনকসেন ডেকাৰ প্ৰতিক্ৰিয়া

আনহাতে, যি প্ৰক্ৰিয়াৰে চৰকাৰে উচ্ছেদকাৰ্য চলালে, সেয়া সমৰ্থনযোগ্য নহয় বুলি মন্তব্য কৰে কনকসেন ডেকাই । আফ্ৰিকাৰ পৰা অবৈধভাবে আহি ইউৰোপত থিতাপি লোৱা বহু লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে । কিন্তু তেওঁলোকক মাৰি কাটি খাস্তাং কৰি পেলোৱা হোৱা নাই বুলিও মন্তব্য কৰে কনকসেন ডেকাই ।

লগতে পঢ়ক: দাস, কলিতা, বৰুৱা হ'লে ভূপেন বৰাৰ চোলা চিঙি দেখুওৱাৰ দম নাই : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.