ETV Bharat / state

আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক আটক

author img

By

Published : Mar 9, 2021, 2:51 PM IST

দিছপুৰ আৰক্ষীয়ে আটক কৰিলে আলোচনাপন্থী আলফা নেতা তথা সংগঠনটোৰ উপ-সভাপতি প্ৰদীপ গগৈক । বৰ্তমান দিছপুৰ থানাত প্ৰদীপ গগৈক জেৰা চলাইছে আৰক্ষীয়ে ।

দিছপুৰ আৰক্ষীয়ে আটক কৰিলে আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক
দিছপুৰ আৰক্ষীয়ে আটক কৰিলে আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক

গুৱাহাটী,৯ মাৰ্চ: আলোচনাপন্থী আলফা নেতা তথা সংগঠনটোৰ উপ-সভাপতি প্ৰদীপ গগৈক সোমবাৰে নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে । অৱশ্যে কি কাৰণত প্ৰদীপ গগৈক আটক কৰা হৈছে সেই বিষয়ে আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই । জানিব পৰা মতে, টেলিফোনযোগে কোনো ব্যক্তিক ভাবুকি দিয়াৰ গোচৰত তেওঁক আটক কৰা হৈছে ।

বৰ্তমান দিছপুৰ থানাত গগৈক জেৰা কৰি থকা হৈছে । আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশতে আলোচনাপন্থী আলফা নেতাগৰাকীক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে । সোমবাৰে নিশা মহানগৰীৰ হাতীগাঁৱৰ বাসগৃহৰ পৰা গগৈক আটক কৰা হয় ।

গগৈৰ বিৰুদ্ধে উত্থাপিত আন এক অভিযোগ অনুসৰি, মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগত আলফা নেতাজনক আটক কৰা হৈছে । এই বিষয়ত কাৰ্বি আংলঙৰ এজন যুৱকৰ সৈতে প্ৰদীপ গগৈয়ে কথা পতাৰ অভিযোগ উত্থাপন কৰা হৈছে । সেই বাৰ্তালাপৰ আধাৰতে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে প্ৰদীপ গগৈক ।

অৱশ্যে, আৰক্ষীয়ে এই সন্দৰ্ভত কোনো বক্তব্য আগবঢ়োৱা নাই । উল্লেখ্য যে, প্ৰদীপ গগৈক সাক্ষাতৰ বাবে দিছপুৰ থানাত উপস্থিত হৈছে সতীৰ্থ আলফা নেতা ৰাজু বৰুৱা আৰু শশধৰ চৌধুৰী ।

লগতে পঢ়ক: বিশ্বনাথ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে জনতাৰ কণ্ঠ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.