ETV Bharat / state

Tai Ahom protest in Guwahati : আহোম লেণ্ড তথা জনজাতীয় মৰ্যাদাৰ দাবীত টাইপাৰ প্ৰতিবাদ

author img

By

Published : Apr 3, 2023, 8:21 PM IST

TYPA protest against Assam Govt
প্ৰতিবাদী কণ্ঠত কঁপি উঠিল চচলৰ প্ৰতিবাদস্থলী

পুনৰ প্ৰতিবাদত বহিল টাই আহোম জনগোষ্ঠী লোকসকল (Tai Ahom protest in Guwahati) । আহোম লেণ্ড আৰু টাই আহোম লোকসকলক অতি শীঘ্ৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে টাইপাৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী (TYPA protest against Assam Govt) ৷

প্ৰতিবাদী কণ্ঠত কঁপি উঠিল চচলৰ প্ৰতিবাদস্থলী

গুৱাহাটী, ৩ এপ্ৰিল : আকৌ প্ৰতিবাদ ৷ পুনৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল চচলৰ প্ৰতিবাদস্থলী ৷ আহোম লেণ্ড (সুকীয়া জনজাতীয় ৰাজ্য) আৰু টাই আহোম লোকসকলক অতি শীঘ্ৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে মহানগৰীৰ চচলত প্ৰতিবাদত বহিল টাই আহোম জনগোষ্ঠী লোকসকল (TYPA protest against Assam Govt) ।

টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) ৰ উদ্যোগত সোমবাৰে দিনৰ প্ৰায় ১১ বজাৰ পৰা ২ বজালৈ ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে চচলৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে (Tai Ahom protest in Guwahati)। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁয়ে চৰকাৰক বহু সমালোচনা কৰে ৷

তেওঁলোকে কয়, ‘‘টাই আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই জন্মলগ্নৰ পৰাই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় আহিছে । কিন্তু লক্ষণীয় কথা এই যে, এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বাৰে বাৰে আলোচনাৰ নামত কেৱল আলোচনা কৰি আহিছে ৷ কিন্তু টাইপাৰ মূল দাবী জনজাতিকৰণৰ বিষয়টোক লৈ আজিলৈ কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । বিচাৰ্যৰ বিষয় এই যে, আজিলৈ মডেলিটি কেন্দ্ৰলৈ প্ৰেৰণ নকৰিলে ৰাজ্য চৰকাৰে’’ ।

তেওঁলোকে আৰু কয়, ‘‘চলিত বৰ্ষৰ ২৩ মাৰ্চ আৰু ২৪ মাৰ্চত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীক এই সন্দৰ্ভটো স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে । সেয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবীৰ প্ৰতি যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সহাঁৰি নজনাই, তেন্তে পৰৱৰ্তী সময়ত সন্থাই ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব’’ ৷

লগতে এই প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰী টাইপাই ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়ানী প্ৰদান কৰে । ইয়াৰ উপৰিও টাইপাই শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে অতিশীঘ্ৰে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে অসমখনৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৃথক ৰাজ্য হিচাপে উজনি অসম (শৰাইঘাটৰ যুদ্ধৰ মোমাই কটা গড় সীমা ধৰি শদিয়ালৈকে) আহোম লেণ্ড হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক : TYPA protest in Sivsagar : ন্যাৰ্য প্ৰাপ্তিৰ দাবীত শিৱসাগৰত টাইপাৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.