ETV Bharat / state

আলফাত যোগদান কৰিছে গুৱাহাটীৰ সৰস্বতী আৰু ৰুমীয়ে : ভাস্কৰ জ্যোতি মহন্ত

author img

By

Published : Feb 19, 2022, 10:32 PM IST

অৱশেষত নিশ্চিত হ’ল ৷ গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফালৈ (Two girls from Guwahati joined ULFA-I) ৷ গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)লৈ যোৱাটো নিশ্চিত কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

two girls from Guwahati to join ulfa i
গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফালৈ

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : অৱশেষত আহিল সেই উদ্বেগদনক খবৰটো ৷ নিশ্চিত হ’ল গুৱাহাটী মহানগৰীৰ খাৰঘূলী আৰু উজান বজাৰ পৰা নিৰুদ্দেশ হোৱা যুৱতী দুগৰাকীয়ে যোগ কৰিছে আলফা(স্বা)ত ৷ এই কথা নিশ্চিত কৰিলে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই (Two girls from Guwahati joined ULFA-I, confirms Assam DGP Bhaskar Jyoti Mahanta) ।

শনিবাৰে সংবাদ মাধ্যমৰ সম্মুখত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই মন্তব্য কৰে যে, কেৱল গুৱাহাটীয়েই নহয়, অসমৰ বহু যুৱক-যুৱতী গৈছে আলফালৈ ৷ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ শান্তি আলোচনা চৰ্চা অব্যাহত থকা সময়তে আলফা(স্বা) যোগদান দুগৰাকী যুৱতীয়ে বৃহস্পতিবাৰে আলফা(স্বা) যোগদান কৰা কথা পোহৰলৈ আহিছিল ।

two girls from Guwahati to join ulfa i
গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফালৈ

জানিব পৰা মতে, আলফাত যোগ দিয়া যুৱতী দুগৰাকী খাৰঘূলী জয়পুৰৰ ক্ৰমে সৰস্বতী দাস আৰু ৰুমী ডেকা । গুৰুত্বপূৰ্ণ কথা যুৱতী দুগৰাকী ইতিমধ্যে আলফা(স্বা) শিবিৰত উপস্থিত হোৱা বুলিও এক খবৰ ওলাইছে । বিগত মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুয়োগৰাকী যুৱতী ।

প্ৰাপ্ত তথ্য অনুসৰি, সৰস্বতী দাসে ফাঁচী বজাৰৰ এখন দোকান কাম কৰিছিল । ডিব্ৰুগড়ৰ বান্ধবী ঘৰলৈ যাওঁ বুলি ওলাই গৈছিল সৰস্বতী । তাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছিল সৰস্বতী । তেতিয়াৰ পৰাই সন্দেহ কৰা হৈছিল যে, নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফা(স্বা)লৈ (Two girl from guwahati suspected to join ULFA-I) ৷

ইপিনে যুৱতী দুগৰাকী যোগদান কৰিছে নাই সেই কথা বর্তমানলৈ আনুষ্ঠানিকভাৱে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বা)ই প্ৰকাশ কৰা নাই কোনো তথ্য । লগতে এই সম্পৰ্কে আলফা(স্বা)য়ে কোনো কথা প্ৰাকাশ প্ৰকাশ নকৰে বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । তেওঁ কয় যে, এই বিষয়টো অসম আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ দুগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.