ETV Bharat / state

IPL Match in Guwahati : গুৱাহাটীত আইপিএলৰ মেচ চাব নেকি ? জানি লওক পথ নিৰ্দেশনা

author img

By

Published : Apr 4, 2023, 2:32 PM IST

Intro:বুধবাৰে গুৱাহাটীত আইপিএল মেচ । ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব গুৱাহাটীত প্ৰথমখন আইপিএল মেচ । আইপিএল মেচৰ সময়ত যাতে মহানগৰীত যান-জঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰত যান-বাহন চলাচলত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে (traffic control for Guwahati IPL match) ।

IPL 2023
IPL 2023

গুৱাহাটী, ৪ এপ্ৰিল : অসমবাসীৰ বহু প্ৰতীক্ষাৰত আইপিএল মেচলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী (IPL match in Guwahati) । আইপিএল মেচৰ সময়ত যাতে মহানগৰীত যান-জঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে আইপিএল মেচৰ বাবে দুদিন যান-বাহন চলাচলত কিছু নিষেধাজ্ঞ জাৰি কৰিছে (traffic control for Guwahati IPL match) ।

মঙলবাৰে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ ডিচিপি (DCP transport of Guwahati) হিৰণ্য বৰ্মন আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ু্ক্ত প্ৰতীক থূবেৰে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি দুই আৰক্ষী বিষয়াই কয় যে আইপিএলৰ (RR vs PBKS IPL match in Guwahati) দুখন মেচৰ বাবে সাজু হৈ উঠিছে মহানগৰ আৰক্ষী । ৫ এপ্ৰিলৰ পুৱা ১১ বজাৰ ৬ এপ্ৰিলৰ দিনৰ ১ বজালৈ ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা চাৰিচকীয়া বাহন তথা ততোধিক চকাযুক্ত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

৮ এপ্ৰিলত এ কে দেৱ (AK Dev Road) ৰোড আৰু এ কে আজাদ (AK Azad Road Guwahati) ৰোডত দিনৰ ১ বজাৰ পৰা নিশা ১১.৪৫ বজালৈ, ৫ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈকে পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ তিনিচকীয়া বাহন বা ততোধিক চকাযুক্ত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । তদুপৰি, এ কে আজাদ ৰোড (লখৰা ৰোড ) ৫ এপ্ৰিলত দুপৰীয়া ৩ বজাৰ পৰা নিশা ১১.৪৫ বজালৈ আৰু ৮ এপ্ৰিলত পুৱা ১১.৩০ বজাৰ পৰা নিশা ১০ বজালৈ ৱান ৱে' কৰা হ'ব । সেই সময়ছোৱাত জৰুৰীকালীন সেৱা আৰু স্কুলৰ বাহনসমূহৰ ক্ষেত্ৰত অৱশ্যে নিষেধাজ্ঞা নাথাকিব ।

যিসকল দৰ্শকৰ ৩ নম্বৰ গে'টৰ প্ৰৱেশ-পত্ৰ আছে, তেওঁলোকে বর্ষাপাৰা তিনিআলি হৈ সোমাব লাগিব । ৪ নং গে'টৰ প্ৰৱেশ-পত্ৰ থকাসকলে ভূপেন হাজৰিকা পথ (চাইকেল ফেক্টৰী) হৈ আহিব লাগিব । চম্পাৱতী ফিল্ড, গণেশপৰা ফিল্ড, আমবাৰী ৰংপথাৰ, লুটুমা ফিল্ড আদিত জনসাধাৰণৰ যাতে অসুবিধা নহয় তাৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, মেচৰ সময়ছোৱাত কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব বৰ্ষাপাৰাৰ ভিতৰে-বাহিৰে । আনহাতে, পানীৰ বটল, হেলমেট, মিউজিকেল সামগ্ৰী, চোকা অস্ত্ৰ, নিচাজাতীয় সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰলৈ লগত নিব নোৱাৰিব ।

লগতে পঢ়ক :IPL 2023 Guwahati Match : ৫ এপ্ৰিলত বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.