ETV Bharat / state

NHAI Toll Tax : পহিলা এপ্ৰিলৰ পৰা টোল কৰৰ মাধমাৰ ৰাজ্যবাসীৰ ওপৰত

author img

By

Published : Mar 31, 2023, 1:16 PM IST

নিত্য প্ৰয়োজনীয় সামগ্ৰী, ৰন্ধন গেছ আৰু ঔষধৰ পিছত এইবাৰ টোল কৰ বৃদ্ধি । ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭ খন টোল প্লাজাত বৃদ্ধি পাব টোল কৰ (Toll tax increases from 1st April) । ফলত বৃদ্ধি পাব যাতায়াত খৰচ । প্ৰভাৱ পৰিব পাৰে যাত্ৰীৰ ভাড়া তথা খাদ্য-সামগ্ৰীকে ধৰি অন্যান্য বিভিন্ন সামগ্ৰীৰ মূল্যত ।

toll tax increases
toll tax increases

গুৱাহাটী,৩১ মাৰ্চ : পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত ৫ শতাংশৰ পৰা ১০ শতাংশ বৃদ্ধি হ'ব টোল কৰ (Toll tax increases from 5 to 10 percent) । বিভিন্ন দল-সংগঠনৰ প্ৰবল বিৰোধিতাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highway Authority of India) ৰাজ্যবাসীৰ ওপৰত জাপি দিছে টোল কৰৰ বোজা । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জাননী অনুসৰি, এতিয়াৰে পৰা প্ৰতিখন টোল প্লাজাতে যান-বাহনৰ পাৰ হোৱাৰ বিপৰীতে ৫-১০ শতাংশ অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব ।

ৰাজ্যৰ ৭ খন টোলগে'টত টোল টেক্স বৃদ্ধি পাব ১ এপ্ৰিলৰ পৰা (NHAI increases Toll plaza from 1st April) । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি, ব্যক্তিগত চাৰিচকীয়া বাহন এবাৰ টোলগে’ট পাৰ হ’লে সৰ্বাধিক ১৩৫ টকা ভৰিব লাগিব । ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে পৰিশোধ কৰিব লাগিব ২০০ টকা । সোণাপুৰৰ নাজিৰাখাটৰ টোলগে’টখন ৰাজ্যৰ আটাইতকৈ ব্যয়বহুল টোল প্লাজা হিচাপে চিহ্নিত হৈছে (Toll plaza increases in Assam) ।

পহিলা এপ্ৰিলৰ পৰা ৫-১০ শতাংশ টোল কৰ বৃদ্ধি
পহিলা এপ্ৰিলৰ পৰা ৫-১০ শতাংশ টোল কৰ বৃদ্ধি

কামৰূপৰ মদনপুৰত থকা টোলগে'টত এবাৰ যাতায়াত কৰা কাৰ, জীপ, ভেন বা লঘু যান-বাহনে ১ এপ্ৰিলৰ পৰা আদায় দিব লাগিব ১৩০ টকা । ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাৰ বাবে এইধৰণৰ বাহনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা হৈছে ১৯৫ টকা । তদুপৰি, একেখন টোল প্লাজাৰে কাৰ, জীপ, ভেন অথবা লঘু যান-বাহন এটা মাহত ৫০ টা দৈনিক এবাৰৰ ভ্ৰমণৰ বাবে ৪,৩৩০ টকা আদায় দিব লাগিব । অৱশ্যে কামৰূপ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক যান-বাহনসমূহৰ ক্ষেত্ৰত এটা ভ্ৰমণত নতুন মাচুল ৬৫ টকা ধাৰ্য কৰা হৈছে । নতুন নিৰিখ মতে, লঘু বাণিজ্যিক সামগ্ৰী পৰিবাহী মিনিবাছসমূহে এটা ভ্ৰমণত ২১০ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাত ৩১৫ টকা, মাহিলি ৫০ টা এবাৰৰ যাত্ৰাত ৬,৯৯৫ টকা আৰু কামৰূপত পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনসমূহে এবাৰৰ যাত্ৰাত আদায় দিব লাগিব ১০৫ টকা ।

এইবাৰ টোল কৰ বৃদ্ধিৰে মাধমাৰ ৰাজ্যবাসীক
এইবাৰ টোল কৰ বৃদ্ধিৰে মাধমাৰ ৰাজ্যবাসীক

টু এক্সেলছ বাছৰ ক্ষেত্ৰত এই নিৰিখ হৈছে ক্ৰমে ৪৪০ টকা, ৬৬০ টকা, ১৪,৬৫৫ টকা আৰু ২২০ টকা । থ্ৰী এক্সেলছ বাণিজ্যিক বাহনে টোলগে'টত ভৰিব লাগিব ক্ৰমে ৬৯০ টকা, ১০৩৫ টকা, ২২,৯৮৫ টকা আৰু ৩৪৫ টকা । ততোধিক এক্সেলছ বাহনৰ ক্ষেত্ৰত টোল টেক্সৰ পৰিমাণ হ’ব ক্ৰমে ৮৪০ টকা, ১২৬০ টকা, ২৭,৯৮০ টকা আৰু ৪২০ টকা । মদনপুৰ টোলগে'টৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহনৰ গৰাকীয়ে মাহেকীয়া অনুমতি পত্ৰৰ বাবে ৩৩০ টকা আদায় দিব লাগিব ।

বৰ্তমান মদনপুৰ টোলগে'টত কাৰ, জীপ, ভেনকে ধৰি লঘু যান-বাহনৰ বাবে এবাৰত নিৰ্ধাৰিত কৰ হৈছে ১২৫ টকা । ইয়াৰ বিপৰীতে লঘু বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনে ২০০ টকা আৰু টু এক্সেলছ বাছ-ট্ৰাকে দিব লাগিব ৪২০ টকা । ইফালে নাজিৰাখাট টোল প্লাজাতো বৃদ্ধি কৰা হৈছে কৰ । বৰ্তমান এই টোল প্লাজাত ভেন-জীপকে ধৰি লঘু যান-বাহনৰ ক্ষেত্ৰত কৰ সংগ্ৰহ কৰা হয় ১৩০ টকা । সামগ্ৰী পৰিবাহী লঘু বাহন, মিনিবাছ আদিৰ ক্ষেত্ৰত একোটা ভ্ৰমণত সংগ্ৰহ কৰা হয় ২০৫ টকা । ইফালে এটা ভ্ৰমণত টু এক্সেলছ বাছ আৰু ট্ৰাকে আদায় দিব লাগে ৪৩০ টকা । কামৰূপ মহানগৰ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক লঘু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত টোল কৰ এটা ভ্ৰমণত ৬৫ টকা ।

লঘু বাণিজ্যিক বাহন আৰু মিনিবাছৰ ক্ষেত্ৰত এই কৰৰ পৰিমাণ হৈছে ১০৫ টকা । বৰ্ধিত নিৰিখ অনুসৰি, এটা ভ্ৰমণত ১ এপ্ৰিলৰ পৰা কাৰ, জীপ, ভেন, লঘু যান-বাহনসমূহে ১৩৫ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাত ২০০ টকা, ৫০ টা এবাৰৰ ভ্ৰমণত মাহিলি ৪,৪৭৫ টকা আৰু কামৰূপ মহানগৰ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনে দিব লাগিব ৬৫ টকা । একেদৰে লঘু বাণিজ্যিক বাহন, সামগ্ৰী পৰিবাহী মিনিবাছৰ ক্ষেত্ৰত এই কৰৰ পৰিমাণ হ’ব ক্ৰমে ২১৫ টকা, ৩২৫ টকা, ৭,২৩০ টকা আৰু ১১০ টকা ।

টু এক্সেলছ বাছ বা ট্ৰাকে আদায় দিব লাগিব ক্ৰমে ৪৫৫ টকা, ৬৮০ টকা, ১৫,১৪৫ টকা আৰু ২২৫ টকা । থ্ৰী এক্সেলছ বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আৰোপ কৰা কৰৰ পৰিমাণ হৈছে ক্ৰমে ৪৯৫ টকা, ৭৪৫ টকা, ১৬,৫২০ টকা আৰু ২৫০ টকা । ফ’ৰৰ পৰা ছিক্স এক্সেলছ বাহনৰ ক্ষেত্ৰত কৰৰ পৰিমাণ হ’ব ৭১০ টকা, ১,০৭০ টকা, ২৩,৭৫০ টকা আৰু ৩৫৫ টকা । সেইদৰে সাতৰ পৰা ততোধিক এক্সেলছৰ বাহনসমূহে ক্ৰমে ৯৬৫ টকা, ১৩০০ টকা, ২৮,৯১০ টকা আৰু ৪৩৫ টকা আদায় দিব লাগিব ।

সেইদৰে ৰহা টোলগে'ট, মান্দেৰডিছা টোলগে'ট, মিকিৰআটি গাঁও টোল প্লাজা, বালাচেৰা টোল প্লাজা আৰু গলিয়া টোল প্লাজাতো বৃদ্ধি কৰা হৈছে টোল কৰ । পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ । উল্লেখ্য যে মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাক ঔষধৰ মূল্যবৃদ্ধিৰ পাছতেই এইবাৰ টোল কৰৰ বোজা জাপি দিয়া হৈছে । ভাল দিনৰ সপোন দেখুওৱা চৰকাৰখনে এনেদৰে কৰৰ বোজাৰে জনতাক দিশহাৰা কৰি তুলিছে ।

লগতে পঢ়ক :Assam Arunachal Border Issue : সীমাবিবাদ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্রী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.