ETV Bharat / state

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ সাজু শাসক-বিৰোধী

author img

By

Published : Nov 18, 2020, 4:12 PM IST

ৰাজ্যিক নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমুখ সমৰত নামিবলৈ সাজু হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষ ৷ 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 25 নবেম্বৰ ৷

TIWA AUTONOMOUS COUNCIL ELECTION
তিৱা স্বায়ত্ব পৰিষদ

গুৱাহাটী, ১৮ নৱেম্বৰ : ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই তৎপৰ হৈ পৰিছে । মঙলবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমুখ সমৰত নামিবলৈ সাজু হৈ পৰিছে উভয় পক্ষ । ২৫ নৱেম্বৰ হৈছে মনোনয়ন দাখিলৰ অন্তিম দিন ।

TIWA AUTONOMOUS COUNCIL ELECTION
তিৱা স্বায়ত্ব পৰিষদৰ সমষ্টি তালিকা

পৰিষদখনৰ অন্তৰ্গত ৩৬ টা সমষ্টিৰ ৩০ টাই হৈছে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ অন্তৰ্ভুক্ত । বাকী ছটা সমষ্টি কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত । সম্প্ৰতি বিজেপিৰ দখলত থকা পৰিষদখন পুনৰ বিজেপিয়েই দখল কৰাৰ পণ লৈছে । বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাসে বুধবাৰে ইটিভি ভাৰতক কয় যে তিৱা স্বায়ত্ব পৰিষদৰ যে পুনৰ বিজেপিয়েই গঠন কৰিব তাত কোনো সন্দেহ নাই ।

TIWA AUTONOMOUS COUNCIL ELECTION
তিৱা স্বায়ত্ব পৰিষদৰ সমষ্টি তালিকা

আনহাতে, পিচ পৰি ৰ’ব খোজা নাই বিৰোধী কংগ্ৰেছ দলো । যিহেতু যিকোনো মূহুৰ্ততে নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে সেয়ে কংগ্ৰেছ দল ইয়াৰ বাবে পূৰ্বৰ পৰাই সম্পূৰ্ণৰূপে সাজু আছিল বুলি ই টিভি ভাৰতৰ আগত মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই । ইতিমধ্যে প্ৰাৰ্থী বাচনিৰ বাবে দলৰ সংশ্লিষ্ট জিলা সমিতিসমূহক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ সাজু শাসক-বিৰোধী

লগতে পঢ়ক : ম’বাইল গেমৰ জৰিয়তে প্ৰেম: পলাই গ’ল যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.