দিছপুৰত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 22, 2022, 2:17 PM IST

Updated : Sep 22, 2022, 4:53 PM IST

six-tribal-unity-forum-protests-in-dispur-for-st

জনজাতিকৰণৰ দাবীত প্ৰতিবাদ । ছয় জনগোষ্ঠীয় ঐক্যমঞ্চক দিছপুৰ ঘেৰাও কাৰ্যসূচীত বাধা আৰক্ষীৰ । আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ । দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ বাবে অহা বহু প্ৰতিবাদকাৰীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ কৰি ৰাখে আৰক্ষীয়ে । ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিবাদত আজি উত্তপ্ত হৈ পৰে দিছপুৰ ।

গুৱাহাটী,২২ ছেপ্টেম্বৰ: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই গুৱাহাটীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Six tribal unity forum protests in Dispur for ST ) । দিছপুৰ ঘেৰাও কাৰ্যসূচীৰে ঐক্যমঞ্চৰ বহু সংখ্যক লোক জনতা ভৱনৰ সন্মূখত উপস্থিত হয় যদিও আৰক্ষীয়ে আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে(Protest in Guwahati) ।

প্ৰতিবাদকাৰীসকলে দিছপুৰতে(Dispur Protest) উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰে । ইফালে জনতা ভৱনৰ সন্মূখত প্ৰতিবাদকাৰীসকলক ৰুধিবলৈ বিশাল আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে বেৰিকেট দিয়া হয় । কিন্তু আৰক্ষীৰ সেই প্ৰাচীৰ ভাঙি প্ৰতিবাদকাৰীসকল আগুৱাই যাব বিচাৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

দিছপুৰত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱাও পৰিলক্ষিত হয় । ইফালে দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ বাবে অহা বহু প্ৰতিবাদকাৰীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ কৰি ৰাখে আৰক্ষীয়ে ।

ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিবাদত আজি দিছপুৰ উত্তপ্ত হৈ পৰে । প্ৰতিবাদকাৰীসকলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, চৰকাৰে ৰঙা চকু দেখুৱাই ছয় জনগোষ্ঠীৰ সংগ্ৰামখনক স্তব্ধ কৰিব নোৱাৰে । ছয় জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ নোপোৱা পৰ্যন্ত এই সংগ্ৰাম অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰী সকলে চৰকাৰক সকিয়াই দিয়ে ।

দেশৰ আন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক সংগ্ৰাম নকৰাকৈ জনজাতিকৰণ কৰা হ'ল যদিও অসমৰ ছয় জনগোষ্ঠীৰ দীঘলীয়া সংগ্ৰামখন গুৰুত্বহীন কৰি পুনৰ বঞ্চনা কৰা হ'ল । যাক লৈ প্ৰতিবাদকাৰী সকল যথেষ্ট ক্ষোভিত হৈ পৰে । ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি নিদিয়া পৰ্যন্ত এই সংগ্ৰাম অব্যাহত থাকিব বুলি তেওঁলোকে কয় । ইফালে আম আদমী পাৰ্টীয়ে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: গুৱাহাটীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ PFIৰ নেতা

Last Updated :Sep 22, 2022, 4:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.